গুৱাহাটী ষ্টেচনত জব্দ বৃহৎ পৰিমানৰ মটৰ চাইকেলৰ পাৰ্টছ - Large quantity of motorcycle parts seized
গুৱাহাটী ৰে'ল ষ্টেচনত জব্দ বুজন পৰিমানৰ মটৰ চাইকেলৰ পাৰ্টছ(Motorcycle parts seized in Guwahati Railway Station)। গোপন সূত্ৰৰ পমখেদি ৰে'ল আৰক্ষী আৰু ৰে'ল সুৰক্ষা বাহিনীয়ে(Railway Protection Force) অভিযান চলাই গুৱাহাটী ৰেল ষ্টেচনত জব্দ কৰিলে মটৰ চাইকেলৰ পাৰ্টছসমূহ । ষ্টেচনৰ ২ আৰু ৩ নং প্লেটফৰ্মত পেলাই থোৱা অৱস্থাত জব্দ কৰে মটৰ চাইকেলৰ পাৰ্টছখিনি । ৰেল আৰক্ষীয়ে সদৰী কৰা মতে, আজি দুপৰীয়া ২.২০ বজাত অভিযান চলাই আৰক্ষীৰ দলটোৱে মটৰ চাইকেলৰ ৪৫ টা ইঞ্জিন, ২১ ডাল হেণ্ডেল, ২১ টা বডি আৰু ১৪ টা বেগত ভৰাই অনা মটৰ চাইকেলৰ বৃহৎ পৰিমাণ পাৰ্টছখিনি জব্দ কৰিবলৈ সক্ষম হয় । ৰেল আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি, সৰবৰাহকাৰীয়ে ডিমাপুৰলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল মটৰ চাইকেলৰ পাৰ্টছখিনি । উল্লেখ্য় যে ইঞ্জিন আৰু ছেছিছ নম্বৰত ৰং সানি আনিছিল এই চোৰাং সামগ্ৰীখিনি ।
Last Updated : Feb 3, 2023, 8:27 PM IST