অসম

assam

ব্ৰক্ষ্মপুত্ৰত বিহ ঢালি বৃহৎ পৰিমাণৰ মাছ, হাঁহ নিধন

ETV Bharat / videos

Poison in Brahmaputra : ব্ৰক্ষ্মপুত্ৰত বিহ ঢালি বৃহৎ পৰিমাণৰ মাছ-হাঁহ নিধন - pouring poison in Brahmaputra

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 3:08 PM IST

নগাঁও, 10 নৱেম্বৰ:নগাঁও-শোণিতপুৰ জিলাৰ চৰাঞ্চলত মাতব্বৰীৰাজৰ ভয়ংকৰ পৰিণতি। অঞ্চলটোত মাতব্বৰৰ নেতৃত্বত ব্ৰক্ষ্মপুত্ৰত বিহ ঢালি একাংশ লোকে মাছ, হাঁহ আদি নিধন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । নগাঁও জিলাৰ ধিঙৰ কমলসুঁতি চৰত মাতব্বৰৰ নেতৃত্বত সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড। 

অভিযোগ অনুসৰি, ব্ৰহ্মপুত্ৰত বিহ দিয়াৰ ফলত নিধন হৈছে কুইণ্টলে কুইণ্টলে মাছ আৰু শ-শ হাঁহ। কমলসুঁতি চৰৰ ইছলাম আৰু উদ্দিন উপাধিৰ মাতব্বৰৰ নেতৃত্বত এটা দলে এই ভয়ংকৰ ঘটনা সংঘটিত কৰিছে বুলি স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে । 

এই সন্দৰ্ভত স্থানীয় লোকে আৰক্ষীৰ কাষ চাপি সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰিছিল যদিও এই পৰ্যন্ত আৰক্ষীয়ে কোনো তদন্ত আৰম্ভ কৰা নাই স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে ৷

লগতে পঢ়ক:Mega projects : অৰ্ধশতাধিক বৃহৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য অসম্পূৰ্ণ; বৃদ্ধি নিৰ্মাণ ব্যয়

ABOUT THE AUTHOR

...view details