অসম

assam

Timber seized in Barpeta: বৰপেটাত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

By

Published : Nov 2, 2022, 8:54 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

বৰপেটাৰ চেঙা সমষ্টিৰ চৰাঞ্চলত বন বিভাগে বুধবাৰে কেইবাটাও স্থানত অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে(Large quantities of timber seized in Barpeta) । বন বিভাগৰ শীৰ্ষ বিষয়াই অঞ্চলটোত ১০ টাকৈ অবৈধ কাঠ ফলা মিল চলি থকাৰ তথ্য লাভ কৰি মিলসমূহ উৎখাত কৰিবলৈ বৰপেটা বন বিভাগক নিৰ্দেশ দিয়ে । বন বিভাগৰ শীৰ্ষ বিষয়াৰ নিৰ্দেশত বিভাগটোৰ এটা বৃহৎ দলে চেঙাৰ মহচৰাৰ কেইবাটাও স্থানৰ উপৰিও কাচুমাৰাতো অভিযান চলায়(Forest department raid in Barpeta) । কিন্তু বন বিভাগৰ অভিযানৰ সমস্ত খবৰ আগতীয়াকৈ লাভ কৰি চোৰাং ব্যৱসায়ীসকলে মূল্যবান কাঠসমূহ নিশাই অন্য ঠাইলৈ স্থানান্তৰ কৰে । যাৰ বাবে অভিযানত সফল হ’ব নোৱাৰিলে বন বিভাগ । ইপিনে বন বিভাগে জব্দ কৰা কাঠসমূহ স্থানীয় গাঁওবুঢ়াৰ জিম্মাত দিয়া ঘটনাও ৰহস্যজনক । ইপিনে গোৱালপাৰা জিলাৰ শিমলীতোলাতো বন বিভাগে অভিযান চলাই দুখন ডি আই গাড়ীসহ বুজন পৰিমাণৰ শাল কাঠৰ কুণ্ডা জব্দ কৰে(Illegal timber seized in Goalpara) ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

...view details