অসম

assam

বাবা ফতেহ সিং সেৱা দল

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 3:02 PM IST

ETV Bharat / videos

বিপদত পৰা বনভোজকাৰী দলক সহায় কৰিলে লংকাৰ শিখ সমাজে

হোজাই, ৬ জানুৱাৰী:বন্ধৰ দিনত বনভোজ খাবলৈ আহি বিপদত পৰা শিৱসাগৰৰ বনভোজকাৰী দলক সহায় কৰিবলৈ আগবাঢ়ি আহিল লংকাৰ শিখ সমাজ । কালি বনভোজৰ SOP ভংগ কৰি লংকা আৰক্ষী থানাৰ সন্মুখতে বনভোজ খাবলৈ বাধ্য হয় শিৱসাগৰৰ বনভোজকাৰী দলটো । ইপিনে, চকা বন্ধৰ বাবে নিশা লংকা চহৰতে কটাব লগীয়া হয় এই বনভোজকাৰী দলটো । নিশা কণ কণ শিশু, মহিলাসহ বনভোজকাৰী দলটো কলৈ যাব, ক'ত থাকিব আৰু ক'ত শুব ইয়াকে লৈ চিন্তিত হৈ পৰে ।

অৱশেষত এই সকলো সমস্যাৰ অৱসান ঘটাই বনভোজকাৰী দলটোৰ কাষত থিয় দিলে লংকা শিখ সমাজে । লংকা গুৰুদ্বাৰৰ অন্তৰ্গত বাবা ফতেহ সিং সেৱা দলৰ উদ্যোগত বনভোজকাৰী দলটোক নিশা থকা আৰু খোৱাৰ সু-ব্যৱস্থা কৰা হ'ল লংকা গুৰুদ্বাৰত । বাবা ফতেহ সিং সেৱা দলৰ সকলো কৰ্যকৰ্তাই মিলি নিশাৰ আহাৰ তথা শোৱাৰ সু-ব্যৱস্থা কৰাৰ লগতে পুৱাৰ চাহ-জলপানৰে আপ্য়ায়ণ কৰে লংকা গুৰুদ্বাৰ প্ৰাংগনত ।

লগতে পঢ়ক:ৰংপুৰত বৰাক নৈৰ খহনীয়াত জাহ শতাধিক পৰিয়ালৰ ভেটি-মাটি

ABOUT THE AUTHOR

...view details