অসম

assam

Parbatjhora Land Dispute: ভূমি দখলক কেন্দ্ৰ কৰি পকা ধাননিৰ মাজত তয়াময়া যুদ্ধ

By

Published : May 9, 2023, 10:44 PM IST

ভূমি কেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি

ধুবুৰী, 9 মে’: কোকৰাঝাৰৰ পৰ্বতঝৰাত ভূমি কেন্দ্ৰিক সংঘাত ৷ ধাননি পথাৰত দুটা পক্ষৰ মাজত ভয়ংকৰ সংঘৰ্ষ ৷ ভূমি দখলক কেন্দ্ৰ কৰি এটা পক্ষৰ ধান কটা শ্ৰমিকক ভয়ংকৰ আক্ৰমণ (Land Dispute Sparks Violent Clash at Parbatjhora) ৷  

পকা ধাননি পথাৰ দখলক কেন্দ্ৰ কৰি আজি পৰ্বতঝৰাৰ কাজিগাঁৱৰ মল্লিক পাৰাত এদল শ্ৰমিকক হত্যাৰ প্ৰচেষ্টা চলোৱাক কেন্দ্ৰ কৰি দুটা পক্ষৰ মাজত সৃষ্টি হয় ভয়ংকৰ সংঘৰ্ষৰ ৷ এই সংঘৰ্ষত চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় এজন শ্ৰমিকসহ আন দুজন লোক (Parbatjhora Land Dispute) ৷  

ভূমি বিবাদক কেন্দ্ৰ কৰি দুটা পক্ষৰ লোকে চোকা অস্ত্ৰলৈ সম্মুখ সমৰত অৱতীৰ্ণ হয় ৷ জানিব পৰা মতে, মল্লিক পাৰা গাঁৱত প্ৰায় ডেৰ বিঘামান ধাননি পথাৰ দখলকলৈ দুটা পক্ষৰ মাজত চলি আহিছিল সংঘাত ৷ ৰমনা গাঁৱৰ বাসিন্দা মহৰ আলী নামৰ এজন ব্যক্তিৰ পক্ষৰ লোকে বিবদমান ভূমি ডোখৰত ৰোপন কৰা ধান খেতি পথাৰত চপাই থকা অৱস্থাত মল্লিক পাৰা গাঁৱৰ জয়দৰ আৰু হায়দৰ আলী নামৰ ব্যক্তি দুজনৰ পক্ষৰ লোকে লাঠি, জোং আদিলৈ মহৰ আলীৰ পক্ষৰ লোকক আতৰ্কিতে আক্ৰমণ কৰে ৷ ফলত তিনিজন লোক গুৰুতৰ ভাৱে আহত হয় (3 injured in Parbatjhora Land Dispute) ৷ 

মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা হবিবৰ ৰহমান নামৰ শ্ৰমিক জন বৰ্তমান সংকটজনক অৱস্থাত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে (Clash Over Land Dispute in Parbatjhora) ৷

লগতে পঢ়ক:Drugs peddler Detained: নলবাৰীত ড্ৰাগছসহ সৰবৰাহকাৰী আটক

ABOUT THE AUTHOR

...view details