অসম

assam

লক্ষ্মী পূজা মহোৎসৱ আৰম্ভ

ETV Bharat / videos

Lakshmi Puja 2023: বৰপেটাৰ কেওঁটকুছিত 7 দিনীয়া কাৰ্যসূচীৰে 87 সংখ্যক লক্ষ্মী পূজা মহোৎসৱ আৰম্ভ

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 10:49 PM IST

বৰপেটা, 28 অক্টোবৰ : সমগ্ৰ ৰাজ্যতে শনিবাৰে হিন্দু ধৰ্মীয় পৰম্পৰা অনুসৰি উদযাপন কৰা হৈছে ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা ৷ শনিবাৰৰ পৰা বৰপেটাৰ কেওঁটকুছিত 7 দিনীয়া কাৰ্যসূচীৰে মহাসমাৰোহেৰে আৰম্ভ হৈছে মহালক্ষ্মী পূজা মহোৎসৱ ৷ এইবেলি 87 বছৰত পদাৰ্পন কৰিছে কেওটকুছিৰ মহালক্ষ্মী পূজা মহোৎসৱে ৷

শনিবাৰে সন্ধিয়া ভক্তসকলে দেৱীৰ প্ৰতিমা আদৰি আনি পূজাৰ বেদীত স্থাপন কৰে ৷ ইয়াৰ পিচতে ধৰ্মীয় পৰম্পৰাৰে পূজা-অৰ্চনা আৰম্ভ হয় ৷ মহালক্ষ্মী পূজাৰ দ্বাৰ উন্মোচন কৰে বৰপেটা সমষ্টিৰ প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাসে ৷ মহালক্ষ্মী পূজা উপলক্ষে কেওঁটকুছিৰ পূজাথলি লোকাৰণ্য হৈ পৰে ৷

শনিবাৰৰ পৰা আৰম্ভ হোৱা কেওঁটকুছিৰ মহালক্ষ্মী পূজা মহোৎসৱ উপলক্ষে থিয়নাম, আতচবাজী আদি প্ৰদৰ্শন কৰা হয় ৷ সাতদিনীয়াকৈ অনুষ্ঠিত হোৱা এই লক্ষ্মী পূজা মহোৎসৱত ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে ৷ 

লগতে পঢ়ক :Lakshmi Puja 2023: লক্ষ্মী বন্দনাৰে মুখৰিত টীয়কৰ কাৱৈমাৰী গোহাঁই গাঁও

ABOUT THE AUTHOR

...view details