অসম

assam

ETV Bharat / videos

ৰঙিয়াৰ মুৰাৰাত লক্ষ্মী পূজাৰ ৰূপালী জয়ন্তী - Lakshmi Puja at Rangia

By

Published : Oct 9, 2022, 1:49 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

ৰঙিয়াৰ মুৰাৰা বিষ্ণুপুৰত লক্ষ্মী পূজা (Lakshmi Puja at Rangia) মহোৎসৱৰ ৰূপালী জয়ন্তী উদযাপন কৰা হয় । এই উপলক্ষে পুৱা ধৰ্মীয় (Silver Jubilee of Lakshmi Puja at Rangia) শোভাযাত্ৰা উলিওৱা হয় । এই শোভাযাত্ৰা উদ্বোধন কৰে সমাজ কৰ্মী পাৰুল ভৰালী বড়োৱে । উক্ত শোভাযাত্ৰাত শতাধিক মহিলা আৰু যুৱতীয়ে অংশগ্ৰহণ কৰে । ইয়াৰ পূৰ্বে ধৰ্মীয় পতাকা উত্তোলন আৰু বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয় । শোভাযাত্ৰাৰ পিছতেই স্থানীয় আই মাতৃসকলৰ নাম প্ৰসংগ অনুষ্ঠিত হয় । মুৰাৰাত অনুষ্ঠিত লক্ষ্মী পূজা মহোৎসৱৰ এই বছৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে অঞ্চলটোত এক আনন্দমুখৰ পৰিবেশে বিৰাজ কৰে ।
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

...view details