বাক্সাৰ কুছিজাৰত লক্ষ্মী পূজাৰ হীৰক জয়ন্তী আৰম্ভ
বাক্সা জিলাৰ অন্তৰ্গত কুছিজাৰ গাঁৱৰ শ্ৰীশ্ৰী লক্ষ্মী পূজাৰ হীৰক জয়ন্তী অনুষ্ঠান (Lakshmi Pujas Diamond Jubilee at kuchijar in Baska) দেওবাৰৰ পৰা আৰম্ভ হৈছে ৷ আজি পুৱা হীৰক জয়ন্তী উদযাপন সমিতিৰ সভাপতি ৰজনী কলিতাই ধৰ্মীয় পতাকা উত্তোলন কৰাৰ পিছত সাংস্কৃতিক পতাকা উত্তোলন কৰে হীৰক জয়ন্তী উদযাপন সমিতিৰ সম্পাদক কন্দৰ্প কলিতাই ৷ আনহাতে, হীৰক জয়ন্তী উপলক্ষে ৭৫খন পতাকা উত্তোলন কৰে স্থানীয় বিধায়ক ভূপেন বড়োসহ (MLA Bhupen Boro hoists flag) ৭৫ গৰাকী বিশিষ্ট লোকে ৷ ইয়াৰ পিছতেই আয়তী সকলে পানী তোলা কাৰ্যসূচী সম্পন্ন হয় ৷ কাৰ্যসূচী অনুসৰি কাইলৈ পুৱা সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে (Actress Prastuti Parashar)। ইপিনে, দুপৰীয়া ১২বজাত অন্তৰংগ আলাপৰ আঁত ধৰিব মহিধৰ কলিতাই ৷ আবেলি নাগাৰা নাম আৰু সম্বৰ্ধনা অনুস্থানত উপস্থিত থাকিব কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী (Minister Chandra Mohan Patowary), মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, প্ৰাক্তন বিধায়ক মনেশ্বৰ ব্ৰহ্ম, প্ৰাক্তন কাৰ্যবাহী সদস্য হিতেশ বসুমতাৰী ৷ আনহাতে, অহা ১১ অক্টোবৰত স্মৃতিগ্ৰন্থ উন্মোচন কৰিব অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী মৃণালিনী দেৱীয়ে ।
Last Updated : Feb 3, 2023, 8:29 PM IST