অসম

assam

A fake institution in Narayanpur:নাৰায়ণপুৰত ভুৱা প্ৰতিষ্ঠানৰ বিৰুদ্ধে ধন সংগ্ৰহৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 4:12 PM IST

ভুৱা প্ৰতিষ্ঠানৰ বিৰুদ্ধে ধন সংগ্ৰহৰ অভিযোগ

বিহপুৰীয়া, 22 ছেপ্টেম্বৰ : লখিমপুৰ জিলাৰ নাৰায়ণপুৰত "বেনিফিট গ্ৰুপ কেয়াৰ" নামৰ এটা প্ৰতিষ্ঠানৰ বিৰুদ্ধে প্ৰলোভনেৰে ধন সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে । নাৰায়ণপুৰ-বিহপুৰীয়া সংযোগী ৰাজ্যিক ঘাইপথৰ কাষতে পানবাৰীত এটা কাৰ্যালয় খুলি প্ৰায় অৰ্ধশতাধিক যুৱকৰ পৰা ভুৱা প্ৰলোভনেৰে পাঁচশৰ পৰা ছশ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী যুৱকে ।

প্ৰতিষ্ঠানটোৱে প্ৰতিগৰাকী যুৱকক শাখা পৰিচালকৰ চাকৰি দিম বুলি প্ৰথম অৱস্থাত মোবাইলত সংযোগ কৰা "এন্টি ৰেডিএচন চিপ" বিক্ৰী কৰিবলৈ দ্বায়িত্ব দিয়ে । কোনো চৰকাৰী মোহৰ অথবা আই এছ আই মোহৰ নথকা চিপ কাৰ্ডসমূহ বিক্ৰী কৰিবলৈ যাওঁতে গ্ৰাহকৰ ওচৰত বিভিন্ন প্ৰশ্নৰ সন্মুখীন হোৱাত প্ৰতিষ্ঠানটোৰ ওপৰত সন্দেহ ঘনীভূত হৈ সংবাদমাধ্যমৰ লগতে সংগঠনৰ কাষ চাপে কেইজনমান ভুক্তভোগী যুৱক ।

বিষয়টো সন্দৰ্ভত জানিবৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নাৰায়ণপুৰ আঞ্চলিক সমিতিৰ এটা দল কাৰ্যালয়ত উপস্থিত হয় । কিন্তু কাৰ্যালয়ত উপস্থিত হোৱাৰ পূৰ্বেই কাৰ্যালয়ত তলা লগাই উধাও হয় প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকল । প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী জনৈক মৃন্ময় শৰ্মা আৰু অনুৰাগ বৰদলৈৰ ফোন নম্বৰ সংগ্ৰহ কৰি কথা-বতৰা হোৱাত দায়সৰা মন্তব্য কৈ ফোন কাটি দিয়ে তেওঁলোকে । এনে ধৰণৰ ভুৱা প্ৰতিষ্ঠানক উৎখাত কৰি অবৈধভাৱে ধন সংগ্ৰহত লিপ্ত থকাসকলৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে স্থানীয় ৰাইজে ।

লগতে পঢ়ক :Youth missing news: নাৰায়ণপুৰৰ জামুগুৰিৰ পৰা নিৰুদ্দেশ ১৯ বছৰীয়া দিপিকান্ত মিলি

ABOUT THE AUTHOR

...view details