অসম

assam

Alligation of scam in mid day meal: জিলা আয়ুক্তৰ বিহপুৰীয়াত শিক্ষানুষ্ঠান পৰিদৰ্শন

By

Published : Jun 28, 2023, 2:30 PM IST

লখিমপুৰ জিলাৰ আয়ুক্ত সুমিত সাত্বাৱান

বিহপুৰীয়া, ২৮ জুন: বহুকেইটা গুৰুতৰ অভিযোগৰ ভিত্তিত বুধবাৰে পুৱা বেলাতে লখিমপুৰ জিলাৰ আয়ুক্ত সুমিত সাত্তাৱনে বিহপুৰীয়াৰ এখন শিক্ষানুষ্ঠানত হঠাৎ উপস্থিত হয় ৷ বিহপুৰীয়া নগৰৰ মাজ মজিয়াত অৱস্থিত বিহপুৰীয়া আদৰ্শ ২ নং নগৰ প্ৰাথমিক বিদ্যালয়ত হঠাৎ আয়ুক্তগৰাকীয়ে পুৱা ৯-৩০ বজাতে উপস্থিত হৈ বিদ্যালয়খনৰ বহুকেইটা আভ্যন্তৰীণ দিশৰ ওপৰত পৰ্যবেক্ষণ কৰে ৷  

এই বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ স্বামী বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হৈ থকা, মধ্যাহ্ন ভোজনৰ সদ্ ব্যৱহাৰ নকৰা, খেলৰ সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত অনিয়ম সংঘটিত কৰা, শিক্ষকসকলে কৰ্তৃত্ববিহীনভাৱে শ্ৰেণী কোঠাৰ পৰা আঁতৰি থকা, বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱা আদিৰ লগতে আন কেইবাটাও অভিযোগৰ ভিত্তিত আয়ুক্ত গৰাকীয়ে বিদ্যালয়খনত হঠাতে উপস্থিত হৈ পৰিদৰ্শন কৰে ৷

লগতে পঢ়ক:Black Market of fertilizer: কলগাছিয়াত ৰাসায়নিক সাৰৰ ক’লা বজাৰ; অনুমতি অবিহনেই আন জিলালৈ সৰবৰাহ

ABOUT THE AUTHOR

...view details