HSLC exam results 2023 : ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ সপোন HSLC ত চতুৰ্থ স্থান প্ৰাপক ৰাজীৱৰ - সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল
লখিমপুৰ, ২২ মে’ : সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে আনন্দৰ জোৱাৰ তুলিছে ৰাজ্যত (HSLC exam results 2023) ৷ ৰাজ্যৰ বহু বিদ্যালয়ৰ লেখিয়াকৈ লখিমপুৰতো দেখিবলৈ পোৱা গ’ল আনন্দৰ বন্যা ৷ জিলাখনৰ সোণাপুৰ পুখুৰীয়া হাইস্কুল পৰা ৫৯১ নম্বৰ লাভ কৰি চতুর্থ স্থানত উজলিল ৰাজীৱ পাল ৷
বোকানদী নিবাসী অমূল্য পাল আৰু সুমিত্ৰা পালৰ পুত্ৰ ৰাজীৱে অতি কষ্টৰে পঢা-সুনা কৰি এই স্থান লাভ কৰিবলৈ সক্ষম হৈছে । অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান ৰাজীৱৰ পিতৃয়ে তৈয়াৰ কৰে মাটিৰ চাকি । অৱশেষত পিতৃৰ আশা পুৰণ কৰি আজি সকলোৰে আদৰৰ হৈ পৰিছে HSLC ত চতুৰ্থ স্থান প্ৰাপক ৰাজীৱ ৷
ৰাজীৱৰ এই সফলতাত এতিয়া আনন্দিত হৈ পৰিছে পৰিয়ালৰ লগতে বিদ্যালয়ৰ শিক্ষক সমাজো ৷ ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ সপোন দেখিছে HSLC ত চতুৰ্থ স্থান প্ৰাপক ৰাজীৱ পালে ৷
লগতে পঢ়ক :HSLC exam results 2023 : অদিতি আৰু সঞ্জনাই আনিলে ছেইণ্ট মেৰিজলৈ সুনাম