Assam Book Fair 2022: ধেমাজি কাছাৰী ময়দানত অসম গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন - বিশিষ্ট সাহিত্যিক উমেশ চেতিয়া
আগন্তুক ৪ নৱেম্বৰৰ পৰা ১৩ নৱেম্বৰলৈ ধেমাজি কাছাৰী ময়দানত অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা(Assam Book Fair in Dhemaji) । এই গ্ৰন্থমেলা অনুষ্ঠিত হ'ব অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত(Assam Prakashan Parishad) ৷ বৃহস্পতিবাৰে ধেমাজি কাছাৰী ময়দানত প্ৰকাশন পৰিষদে এই গ্ৰন্থমেলাৰ বাবে স্থাপন কৰে লাইখুটা ৷ লগতে অনুষ্ঠিত কৰা হয় এখন সভাও ৷ অনুষ্ঠানত উপস্থিত থাকি অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয় যে ধেমাজিৰ এই গ্ৰন্থমেলাৰ পিছতে পৰৱৰ্তী পৰ্যায়ত নলবাৰী, যোৰহাট, গুৱাহাটী আদিত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত অনুষ্ঠিত হ'ব গ্ৰন্থমেলা ৷ আনহাতে লাইখুটা স্থাপনৰ সভাত বিশিষ্ট সাহিত্যিক উমেশ চেতিয়া, গোবিন টাইড, শিক্ষাবিদ ড৹ পুষ্প গগৈকে ধৰি ভালেসংখ্যক বিশিষ্ট লোক উপস্থিত থাকে ৷
Last Updated : Feb 3, 2023, 8:29 PM IST