Golden Jubilee of Sarupathar College: সৰুপথাৰ মহাবিদ্যালয় স্বৰ্ণজয়ন্তী অনুষ্ঠানৰ লাইখুঁটা স্থাপন
Published : Oct 18, 2023, 5:39 PM IST
সৰুপথাৰ,১৮ অক্টোবৰ: কাতি বিহুৰ দিনাই সৰুপথাৰ মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, শুভাকাংক্ষী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে মহাবিদ্যালয় কৰ্মচাৰী সমন্বিতে স্থাপন কৰে মহাবিদ্যালয়খনৰ স্বৰ্ণ জয়ন্তী অনুষ্ঠানৰ লাইখুঁটা । দৈয়াং-ধনশিৰিৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ সৰুপথাৰ মহাবিদ্যালয়ে ইতিমধ্যে ৫২ টা বৰ্ষ অতিক্ৰম কৰিলে । ১৯৭০ চনতে ধনশিৰিত প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয়খনে 'স্বৰ্ণগাথা' নামেৰে উদযাপন কৰিছে সোণালী জয়ন্তী বৰ্ষ ।
৩, ৪ আৰু ৫ নৱেম্বৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে সৰুপথাৰ মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান । তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া স্বৰ্ণজয়ন্তীৰ প্ৰতিটো কাৰ্যসূচীতে মহাবিদ্যালয়ৰ সকলো প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, দল সংগঠন, শুভাকাংক্ষী তথা ধনশিৰিবাসীৰ সহযোগিতা কামনা কৰে মহাবিদ্যালয় পৰিয়ালবৰ্গই ৷ সৰুপথাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সদস্যসকলেও সক্ৰিয়তাৰে সোণালী জয়ন্তীৰ বাবে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক যোগাযোগ কৰাৰ চেষ্টা কৰিছে বুলি জানিবপৰা গৈছে । ইতিমধ্যে সংবাদমেলৰ জৰিয়তেও অৱগত কৰিছে আয়োজকসকলে ।
লগতে পঢ়ক:Kati Bihu 2023 : আমগুৰিতো কাতি বিহুৰ ভাললগা দৃশ্য, ব্যস্ত হৈ পৰিল শিশুৰ পৰা বৃদ্ধলৈকে