অসম

assam

নাৰায়ণপুৰ ৰাজহ চক্ৰৰ ৰামপুৰত কৃষিভূমিত পানীৰ অভাৱ

ETV Bharat / videos

Draught weather in Assam :নাৰায়ণপুৰত পানীৰ অভাৱত চন পৰিল শ শ হেক্টৰ কৃষিভূমি - উত্তৰ লখিমপুৰ মহকুমা কৃষি বিষয়া কাৰ্যালয়

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 1:43 PM IST

বিহপুৰীয়া,৩১ অক্টোবৰ :লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰামপুৰত কৃষক ৰাইজে পানীৰ অভাৱত কৃষিকাৰ্য কৰিব নোৱাৰাৰ ফলত এতিয়া তীব্ৰ সমস্যাৰ সন্মুখীন হৈছে ৷ বহু কৃষকে এইবাৰ পানীৰ অভাৱত কৰিব নোৱাৰিলে শালি ধানৰ খেতি । ফলত অনাকাংক্ষিত ভবিষ্যতৰ কথা ভাবি মূৰে কঁপালে হাত দিছে বৃহত্তৰ অঞ্চলটোৰ কৃষকসকলে ।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পথাৰ সোণালী ধানেৰে ভৰি পৰাৰ সময়তে উত্তৰ লখিমপুৰ মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ৰামপুৰ বৃহত্তৰ অঞ্চলটোৰ পথাৰৰ চাৰিওফালে এতিয়া কেৱল পকা চপৰা ৷ চন পৰি ৰৈছে শ শ বিঘা কৃষিভূমি । আনহাতে,পানীৰ অভাৱত শালি ধানৰ খেতি ঠায়ে ঠায়ে শুকাই যোৱা পৰিলক্ষিত হৈছে ৷ মুঠতে কৃষক সকলৰ এতিয়া টোপনি নোহোৱা হৈছে ভবিষ্যতৰ কথা চিন্তা কৰি ।  

কৃষক ৰাইজৰ সুবিধা হোৱাকৈ সম্প্ৰতি বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ অঞ্চলটোত শস্য পথাৰত পানী যোগান ধৰিবৰ বাবে কেইবাখনো জলসিঞ্চন আঁচনি বিগত সময়ত ৰূপায়ন কৰিছিল যদিও সেইসমূহ আঁচনি প্ৰহসনত পৰিণত হৈছে । এতিয়া উপায়হীন কৃষকে ৰবি শস্য কৰাত যাতে অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সকলো সুবিধা কৰি দিবলৈ কৃষি বিভাগক আহ্বান জনাইছে ।

লগতে পঢ়ক:Golden Jubilee of Sarupathar College:সৰুপথাৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সামৰণি অনুষ্ঠানৰ প্ৰস্তুতি অব্যাহত

ABOUT THE AUTHOR

...view details