অসম

assam

হোলোঙাপাৰস্থিত বীৰ লাচিত মৈদামত লাচিত দিৱস উদযাপন

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 11:14 AM IST

লাচিত দিৱস উদযাপন

টীয়ক, 24 নৱেম্বৰ: আজি বীৰ লাচিত দিৱস । সমগ্ৰ ৰাজ্যবাসীয়ে আজি বীৰজনাৰ শোৰ্য-বীৰ্য সাহসক স্মৰণ কৰি উদযাপন কৰিছে লাচিত দিৱসটি । ব্যতিক্ৰম নহয় টীয়কৰ লাহদৈগড় হোলোঙাপাৰস্থিত বীৰ লাচিত বৰফুকন মৈদামৰ পৰিৱেশ । আজি অৰ্থাৎ শুকুৰবাৰে পুৱাৰে পৰা লাচিত মৈদাম সংৰক্ষণ সমিতিৰ উদ্যোগত তথা স্থানীয় ৰাইজ আৰু জিলা প্ৰশাসনৰ সহযোগত দিনযোৰা কাৰ্যসূচীৰে উলহ মালহেৰে উদযাপন কৰা হৈছে এই দিৱসটি ।

পুৱা সামূহিক চাফাই অভিযান, পতাকা উত্তোলন, লাচিতৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ আদি কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷ ইয়াৰ পাচতে টাই আহোম পৰম্পৰা অনুসৰি, লাচিতৰ মৈদামত মৈদাম তৰ্পণ কৰে । উক্ত কাৰ্যসূচীত জিলা প্ৰশাসনৰ হৈ যোৰহাট জিলাৰ অতিৰিক্ত আয়ুক্ত ধ্ৰুৱ জ্যোতি নাথ উপস্থিত থাকি সহযোগিতা আগবঢ়ায় ।

উল্লেখযোগ্য যে, অসম চৰকাৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত এই ক্ষেত্ৰতে কোটি টকা ব্যয় সাপেক্ষে লাচিত মৈদাম সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ কাম চলি আছে ৷ শীঘ্ৰেই এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হ'ব বুলি আশা প্ৰকাশ কৰিছে উপস্থিত সকলোৱে ৷

লগতে পঢ়ক :উদুলি-মুদুলি বিশ্বনাথ ৰাস মহোৎসৱথলী

ABOUT THE AUTHOR

...view details