সৰুপথাৰৰ কৰ্দ্দৈগুৰিত লাচিত বৰফুকনক সোঁৱৰণ - Lachit Divas celebrated in Golaghat
Published : Nov 25, 2023, 9:11 AM IST
সৰুপথাৰ, ২৫ নৱেম্বৰ : গোলাঘাট জিলাৰ সৰুপথাৰৰ কৰ্দ্দৈগুৰিত শুক্ৰবাৰে লাচিত দিৱস উদযাপন কৰা হয় । প্ৰবল বুদ্ধিমত্তা, অপৰাজেয় ব্যক্তিত্ব, সাহস আৰু সংগ্ৰামৰ চিৰসেউজ প্ৰতীক স্বৰূপ লাচিত বৰফুকনৰ ওপজা দিনত স্মৰণ কৰিলে সদৌ তাই আহোম ছাত্ৰ সন্থাৰ ধনশিৰি মহকুমা সমিতি আৰু টাই আহোম মহিলা পৰিষদে । মহান বীৰজনাৰ জন্মদিনটোতেই প্ৰতিবছৰে লাচিত দিৱস হিচাপে পালন কৰা হয় ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধনশিৰি মহকুমাৰ কৰ্দ্দৈগুৰি অঞ্চলৰ টাই ভাষা কৃষ্টি অধ্যয়ন কেন্দ্ৰৰ প্ৰাংগনত দিনযোৰা কাৰ্যসূচীৰে লাচিত দিৱস উদযাপন কৰা হয় । পতাকা উত্তোলন, প্ৰতিচ্ছবিত মাল্যাৰ্পণ কাৰ্যসূচীৰে আৰম্ভ হোৱা লাচিত দিৱসত ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন, ৰচনা প্ৰতিযোগিতা, কবিতা আবৃত্তি ইত্যাদি প্ৰতিযোগিতা অনুষ্ঠিত হয় ।
উক্ত দিৱসৰ লগত সংগতি ৰাখি টাই আহোম ছাত্ৰ সন্থা আৰু মহিলা পৰিষদে এখনি মুকলি সভাৰো আয়োজন কৰে । সভাপতি অনন্ত গগৈয়ে আঁতধৰা সভাখনত উদ্বোধক হিচাপে অংশগ্ৰহণ কৰি সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড৹ প্ৰণৱ ঢ়েকিয়াল ফুকনে লাচিত বৰফুকনৰ দেশপ্ৰেম আৰু বীৰত্বৰ বিষয়ে বক্তব্য আগবঢ়ায় ।
লগতে পঢ়ক :401 বছৰীয়া জন্ম জয়ন্তীত বীৰ লাচিতক সোঁৱৰিলে মাণিকপুৰবাসীয়ে