অসম

assam

ETV Bharat / videos

Lachit Borphukan 400th Birth Anniversary: বৰলুইতত শৰাইঘাট ৰণৰ নাট্যৰূপ - আহোম সেনাপতি লাচিত বৰফুকন

By

Published : Nov 24, 2022, 10:31 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

১৬৭১ চনৰ শৰাইঘাট ৰণ, জাতীয় জীৱনৰ প্ৰেৰণাৰ উৎস । ঐতিহাসিক আমিনগাঁৱৰ আজ্ঞাঠুৰীত মোগলৰ সৈতে মুখামুখি হোৱা আহোম সৈন্যৰ দুৰ্দান্ত সাহস, শৌৰ্য-বীৰ্যৰ সেই স্মৃতি আজিও আছে সজীৱ হৈ । দিল্লীৰ বাদশ্বাহৰ গুৱাহাটী দখলৰ অভিপ্ৰায় বিফল কৰিছিল আহোম সেনাপতি লাচিত বৰফুকনে(Assam’s war hero Lachit Borphukan) । আমিনগাঁৱৰ বৰলুইতত অগণন নাৱত আহোম সেনা । নৰিয়া গাৰেই লাচিতে যুদ্ধত নামি প্ৰতিহত কৰিছিল মোগলক । কামৰূপ প্ৰশাসনে ৪০০ বছৰীয়া লাচিত বৰফুকনৰ জন্ম জয়ন্তীত প্ৰতীকী শৰাইঘাট ৰণৰ নাট্যৰূপ দিলে বৰলুইতত(Lachit Borphukan 400th birth anniversary) । স্থান একেই, সময়হে সলনি । বৰলুইতৰ ঐতিহাসিক ক্ষণৰ স্মৃতি আজি পুণৰ সজীৱ হ’ল(Lachit divas in Amingaon)
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

...view details