Lachit Barphukan 400 Birth Anniversary: বাক্সাত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ সামৰণি অনুষ্ঠান - ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ সামৰণি
বাক্সা জিলা প্ৰশাসনৰ উদ্যোগত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ (Lachit Barphukan 400 birth anniversary) সৈতে সংগতি ৰাখি উদযাপন কৰা বিভিন্ন কাৰ্যসূচীৰ শুকুৰবাৰে সফল সামৰণি পৰে ৷ এই অনুষ্ঠানত বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়ো, বাক্সা জিলা উপায়ুক্ত মাছান্দা পাৰ্টিন, বাক্সা জিলাৰ আৰক্ষী আয়ুক্ত ৰাজেন সিঙৰ লগতে বৰমাৰ লগতে বাক্সাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, জিলাখনৰ সকলো বিভাগৰ কৰ্মচাৰী বৰমা মহাবিদ্যালয়ৰ পেক্ষাগৃহত উপস্থিত থাকে (Lachit Divas end in Baksha)৷ পেক্ষাগৃহত উপস্থিত সকলোৱে নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হোৱা লাচিত দিৱসৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণ পোনপটীয়াকৈ উপভোগ কৰে ৷ ইয়াৰ পিছতেই বৰমা মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত লাচিত বৰফুকনৰ বীৰত্ব প্ৰদৰ্শিত বিভিন্ন অনুষ্ঠান ৰূপায়ন কৰা প্ৰতিযোগিতাত জয়ী হোৱা ছাত্ৰ-ছাত্ৰী সকলক বঁটা প্ৰদান কৰা হয় ।
Last Updated : Feb 3, 2023, 8:33 PM IST