Labourer missing in Brahmaputra: ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতে উটুৱাই নিলে মথাউৰি নিৰ্মাণ কৰা শ্ৰমিকক
ডিব্ৰুগড়,১২ মে': ডিব্ৰুগড়ত শোকাৱহ ঘটনা । ব্ৰহ্মপুত্ৰৰ সোঁতে উটুৱাই নিলে এজন শ্ৰমিকক । মথাউৰি নিৰ্মাণত নিয়োজিত শ্ৰমিকজনক উটুৱাই নিয়ে ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতে । ডিব্ৰুগড় চহৰৰ উপকন্ঠ মাইজানত সংঘটিত এই শোকাৱহ ঘটনা । স্থানীয় লোকৰ মতে, শুকুৰবাৰে পুৱা মথাউৰি নিৰ্মাণ কৰি থকা অৱস্থাত নগাঘূলি বম্বোবাৰী লাইনৰ কিৰণ কালিন্দী নামৰ শ্ৰমিকজন ব্ৰহ্মপুত্ৰৰ জিঅ'বেগত পিছল খাই ব্ৰহ্মপুত্ৰত উটি যায় (Labourers swept away in Brahmaputra in Dibrugarh) ।
লগে লগে আন এজন শ্ৰমিকে নদীত জাঁপ দি শ্ৰমিকজনৰ প্ৰাণ ৰক্ষা কৰিবলৈ চেষ্টা কৰে যদিও যুৱকজনক নদীৰ কোবাল সোঁতে ইতিমধ্যে উটুৱাই নিয়ে । ঘটনাস্থলীত এছ ডি আৰ এফ বাহিনীৰ লোক উপস্থিত হৈ উদ্ধাৰ অভিযান চলোৱা হৈছে যদিও এই পৰ্যন্ত শ্ৰমিকজনৰ সন্ধান লাভ কৰিব পৰা নাই । ইফালে মথাউৰি নিৰ্মাণৰ দায়িত্বত থকা জলসম্পদ বিভাগ আৰু ঠিকাদাৰৰ বিৰুদ্ধে গৰজি উঠিছে স্থানীয় লোক (Labourer missing in Brahmaputra) ।
ঠিকাদাৰ অভিজিত পাটোৱাৰী আৰু ৰঞ্জিত দত্তৰ সোপা ঢিলা নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে স্থানীয় লোক । সুৰক্ষাজনিত ব্যৱস্থা গ্ৰহণ নকৰাকৈ ঠিকাদাৰে মথাউৰি নিৰ্মাণত শ্ৰমিকক নিয়োজিত কৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে । ঘটনা সন্দৰ্ভত উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী চৰকাৰক ।
লগতে পঢ়ক:Ayushman Bharat : লখিমপুৰত আনুষ্ঠানিকভাৱে আয়ুস্মান ভাৰত কাৰ্ড বিতৰণ বিধায়ক মানৱ ডেকাৰ