অসম

assam

নুমলীগড় শোধনাগাৰৰ প্ৰগতি দ্বাৰত শ্ৰমিকৰ বিক্ষোভ

ETV Bharat / videos

Protest at Numaligarh: নুমলীগড় শোধনাগাৰৰ প্ৰগতি দ্বাৰত শ্ৰমিকৰ বিক্ষোভ - Numaligarh Refinery Limited

By

Published : Mar 10, 2023, 10:45 PM IST

গোলাঘাট, ১০ মাৰ্চ: গোলাঘাট জিলাৰ নুমলীগড় শোধনাগাৰৰ প্ৰগতি দ্বাৰত শ্ৰমিকৰ বিক্ষোভ(Workers protest at Numaligarh refinery) ৷ নুমলীগড় শোধনাগাৰৰ বৃহত্তৰ শ্ৰমিক ইউনিয়নৰ উদ্যোগত এন আৰ এল(Numaligarh Refinery Limited) কৰ্তৃপক্ষৰ বিৰুদ্ধে বিক্ষোভৰে প্ৰগতি দ্বাৰত ৰূপায়ণ কৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী । দুঘন্টা সময় ধৰি কৰা প্ৰতিবাদে অচল কৰি তুলিলে নুমলীগড়ৰ শোধনাগাৰ সম্প্ৰসাৰণ প্ৰকল্পৰ কাম কাজ(Labourers protest at Pragati Gate of Numaligarh refinery) । 

শ শ শ্ৰমিকৰ বিক্ষোভত উত্তাল হৈ পৰিল এন আৰ এলৰ প্ৰগতি দুৱাৰ । এন আৰ এলৰ সম্প্ৰসাৰণ প্ৰকল্পত কৰ্মৰত শ্ৰমিকক উচিত প্ৰাপ্য প্ৰদানৰ দাবী কৰাৰ লগতে বিগত সময়ত সম্প্ৰসাৰণ প্ৰকল্পত নিয়োজিত নিৰ্মান কোম্পানীৰ অধীনত কৰ্মৰত শ্ৰমিকৰ দুৰ্ঘটনাত মৃত্যু হোৱা শ্ৰমিক পৰিয়ালক ক্ষতিপূৰণ প্ৰদান কৰাৰ দাবীত ৰূপায়ণ কৰা হয় এই বিক্ষোভ কাৰ্যসূচী(Protests demanding proper dues to workers) । 

আনহাতে থলুৱাক বঞ্চিত কৰি বহিৰাগত শ্ৰমিকক নিয়োগৰ বিৰোধিতা কৰি থলুৱাক নিয়োগৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে । অন্যথা সকলো শ্ৰমিক একত্ৰিত হৈ পৰৱৰ্তী সময়ত জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও সকিয়াই দিয়ে প্ৰতিবাদকাৰীসকলে । 

লগতে পঢ়ক:Deadbody recovered: কলিয়াবৰত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

...view details