Labour injured in Manikpur: নিৰ্মীয়মান বিল্ডিঙৰ পৰা পৰি আহত শ্ৰমিক - গুৰুতৰভাৱে আহত হয় শ্ৰমিকজন
বঙাইগাঁৱত চাঞ্চল্যকৰ ঘটনা । তিনিমহলাৰ পৰা পৰি গুৰুতৰভাৱে আহত হয় মাণিকপুৰত এটা বিল্ডিঙত কৰ্মৰত এজন শ্ৰমিক (Labour injured in Manikpur) । বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মাণিকপুৰ চাৰিআলিত তিনি মহলীয়া বিল্ডিঙৰ কামত নিয়োজিত হৈ আছিল ধুবুৰী জিলাৰ কালাহাটৰ হাচেন আলী নামৰ শ্ৰমিকজন (Labourer injured after falling on 3rd floors) । দেওবাৰে কাম কৰি থাকোতে হঠাৎ তিনি মহলাৰ পৰি গুৰুতৰভাৱে আহত হয় শ্ৰমিকজন । আহত শ্ৰমিকজনক লগে লগে মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসকে বৰপেটা ফখৰুদ্দিন আলি আহমেদ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । কোনো সুৰক্ষা কৱচ নোহোৱাকৈ কাম কৰি থকাৰ বাবেই এই ঘটনা সংঘটিত হ'বলৈ পালে বুলি উল্লেখ কৰে আন শ্ৰমিকসকলে ।
Last Updated : Feb 3, 2023, 8:36 PM IST