অসম

assam

পথতে অন্তৰ্ধান আমগুৰিৰ শ্ৰমিক

ETV Bharat / videos

Labour from Sivasagar missing in Bengaluru: বহিঃৰাজ্যলৈ যোৱাৰ পথতে অন্তৰ্ধান আমগুৰিৰ শ্ৰমিক - Two person from Assam missing in Bengaluru

By

Published : May 10, 2023, 11:14 AM IST

আমগুৰি, ১০ মে: বহিঃৰাজ্যলৈ যোৱাৰ পথতে অন্তৰ্ধান হৈছে আমগুৰিৰ দুজন যুৱক । শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ বৰাহীবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত শেনচোৱাৰ আহুকলীয়া চুকৰ গণেশ গগৈ আৰু মদন গগৈ যোৱা শুকুৰবাৰে বেংগালুৰুলৈ গৈ থকা অৱস্থাত ৰে'লতেই অন্তৰ্ধান হয় (Two person from Assam missing in Bengaluru)। পৰিয়ালৰ লোকে সদৰি কৰা মতে, শেনচুৱা গাঁৱৰ ৰাজীৱ বৰা নামৰ লোকজনে নানা প্ৰলোভনেৰে গণেশ গগৈ আৰু মদন গগৈক কাম কৰিবলৈ লৈ গৈছিল । ৰে'লত মদন গগৈ অসুস্থ হৈ পৰা ভিডিঅ’ ইতিমধ্যে পৰিয়ালৰ হাতত আহি পৰিছে ।

ইপিনে, ৰাজীৱ বৰা আৰু গাঁৱৰ এজন লোক বেংগালুৰু ইতিমধ্যে পাইছে যদিও লগত লৈ যোৱা গণেশ গগৈ আৰু মদন গগৈ কিন্ত বৰ্তমানেও অন্তৰ্ধান হৈ আছে (Two person from Amguri missing in Bengaluru)। ইয়াকে লৈ দৰিদ্ৰ পৰিয়াল দুটা বৰ্তমান বিবুধিত পৰিছে । ৰাজীব বৰা নামৰ লোকজনৰ ফোন বন্ধ কৰি গা এৰা দিয়াৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়াল দুটাই (Labour missing in Sivasagar)। পৰিয়ালৰ লোকে ৰে'লৱে আৰক্ষী থানা আৰু হালোৱাটিং আৰক্ষী থানাত ঘটনা সন্দৰ্ভত ইতিমধ্য়ে এজাহাৰ দাখিল কৰিছে ।

লগতে পঢ়ক:First Indian Cargo Ship at the Sittwe Port: চিটৱে বন্দৰৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ গুৰুত্ব যথেষ্ট বৃদ্ধি হ'ব: সৰ্বানন্দ সোণোৱাল

For All Latest Updates

ABOUT THE AUTHOR

...view details