অসম

assam

মহানগৰীত শ্ৰমিকৰ মৃত্যু

ETV Bharat / videos

Guwahati Refinery news:গুৱাহাটী শোধনাগাৰত মাটি খহি শ্ৰমিকৰ মৃত্যু - Labour death in Guwahati

By

Published : Jun 10, 2023, 6:21 PM IST

গুৱাহাটী, ১০ জুন:নুনমাটিস্থিত গুৱাহাটী শোধনাগাৰৰ ভিতৰত শনিবাৰে দিনৰ ভাগত সংঘটিত হয় এক অঘটন (Guwahati Refinery tragedy)। শোধনাগাৰৰ ভিতৰত গাত খান্দি থকা অৱস্থাত মাটি খহি মৃত্যু হয় এজন শ্ৰমিকৰ (Labour death in Guwahati )। আনহাতে, এই ঘটনাত গুৰুতৰ ভাৱে আহত হয় আন দুজনকৈ শ্ৰমিক । পিচত সংকটজনক অবস্থাত শ্ৰমিক দুজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰা হয় । আনহাতে,মৃত্যু হোৱা শ্ৰমিকজন মৰিগাঁৱৰ কৰিম আলী বুলি জানিব পৰা গৈছে । 

উল্লেখ্য় যে নিকণ নামৰ প্ৰতিষ্ঠান এটাই ৰজনী কলিতা নামৰ লোকজনক ৰিফাইনাৰীৰ ভিতৰত গাঁত খন্দাৰ ঠিকা দিছিল (Accident in Guwahati Refinery)। সেই ঠিকাদাৰৰ অধীনত শ্ৰমিক কেইজনে কাম কৰি আছিল । কিন্তু বৰষুণৰ বাবে মাটি কোমল হৈ থকাৰ পিছতো ঠিকাদাৰৰ নিৰ্দেশত কাম কৰি থকোতেই হঠাৎ মাটি খহি শ্ৰমিক তিনিজনৰ গাত পৰে । এই ঘটনাত কৰিম আলী নামৰ শ্ৰমিকজনৰ ঘটনাস্থলীতে মৃত্যু হয় । এই ঘটনাটো সংঘটিত হোৱাৰ পিচতেই শোধনাগাৰৰ মূল প্ৰৱেশ দ্বাৰত শ্ৰমিক সকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ।

লগতে পঢ়ক:Minister Pijush Hazarika in Nagaon: 2011 চনৰ লোকপিয়ল মতে সমষ্টি পুনৰনিৰ্ধাৰণ বিচৰাসকল অসমীয়াৰ শত্ৰু; পীযুষ হাজৰীকা

ABOUT THE AUTHOR

...view details