অসম

assam

চাহ গছ কলম কৰা মেচিনৰ ব্লেডৰ আঘাতত মৃত্যু শ্ৰমিকৰ

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 10:06 AM IST

ETV Bharat / videos

চাহ গছ কলম কৰা মেচিনৰ ব্লেডৰ আঘাতত মৃত্যু শ্ৰমিকৰ

তিনিচুকীয়া, 20 নৱেম্বৰ: পুনৰ তিনিচুকীয়া জিলাৰ পেঙেৰীত অঘটন ৷ কৰ্তব্যৰত সময়ত চাহ গছৰ কলম কটা মেচিনৰ তীক্ষ্ণ ব্লেডে প্ৰাণ ল’লে এগৰাকী শ্ৰমিকৰ। মৃত শ্ৰমিকজন অমিত গোৱালা বুলি জানিব পৰা গৈছে ৷ 

দেওবাৰে পেঙেৰীৰ ১ নং অম্বিকাপুৰ গাঁ‌ৱত ৰূপ নাৰায়ণ শৰ্মা নামৰ লোকজনৰ চাহ বাগিচাত চাহ গছবোৰ কলম কাটি থকাৰ সময়তে সংঘটিত হয় এই শোকাৱহ ঘটনাটো। এই ঘটনা পোহৰলৈ অহাৰ পিচতে উত্তেজিত ৰাইজে ঘেৰাও কৰে চাহ বাগিচা বাগিচাৰ মালিকৰ বাসগৃহ ৷ লগে লগে ঘটনাস্থলীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । 

পৰৱৰ্তী সময়ত ঘটনাস্থলীত পেঙেৰী আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ পেঙেৰী আৰক্ষীয়ে শ্ৰমিকজনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। লক্ষণীয় যে, বিগত বৰ্ষটো মৃত্যু হৈছিল এজন থলুৱা ক্ষুদ্ৰ চাহ খেতিয়কৰ ৷

লগতে পঢ়ক:আছুৰ মৰিগাঁও অধিৱেশনত বৃদ্ধ ছাত্ৰনেতাৰ প্ৰৱেশ নিষিদ্ধৰ আহ্বান

ABOUT THE AUTHOR

...view details