Manipur Violence: মণিপুৰত চলি থকা হিংসাৰ অৱসান বিচাৰি ডিফুত প্ৰার্থনা সভা - কুকি নেছনেল এচেম্বলী
ডিফু, 30 জুলাই: মণিপুৰত চলি থকা হিংসাৰ অৱসান বিচাৰি দেওবাৰে কাৰ্বি আংলং জিলাৰ মাঞ্জাত কুকি নেছনেল এচেম্বলী উদ্যোগত এক বিশাল জোঁৰ সমদল উলিয়াই ৷ কুকি নেছনেল এচেম্বলী কাৰ্যালয়ৰ খেলপথাৰত কুকি সম্প্ৰদায়ৰ কেইবা শতাধিক পুৰুষ-মহিলা, কণ কণ শিশু উপস্থিত থাকি শান্তিৰ বাবে প্ৰার্থনা সভা অনুষ্ঠিত কৰে ৷
ডিফুৰ বিশিষ্ট সাংবাদিক সঞ্জু বৰাৰ, ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অধ্যাপক এল ডুংগেল,নামতি মহাবিদ্যালয়ৰ অধ্যাপক পি চি থুমচৈ,ডাঃ এছ চিনচন, ৰেভাৰেণ্ড ফাদাৰ পি ডুংগেল, কুকি ছাত্ৰ সন্থাৰ সভাপতি এল চিনচন, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ বৰ্ড অধ্যক্ষ টৌথাং টৌথাংসহ কুকি সমাজৰ বহু বিশিষ্ট নাগৰিক উপস্থিত থাকে প্ৰাৰ্থনা সভাত ৷ মণিপুৰৰ অশান্ত জৰ্জৰ পৰিস্থিতিৰ অৱসান ঘটাই মণিপুৰত শান্তিৰ বাতাবৰণ সৃষ্টি কৰিবলৈ সকলো সম্প্ৰদায়ৰ লগতে চৰকাৰক আহ্বান জনায় ৰাইজে ৷
লগতে পঢ়ক:Manipur viral video: মণিপুৰ কাণ্ডৰ বিৰুদ্ধে ডিফুত এপিএইছএলচিৰ ধৰ্ণা