Car accident: সংগীত শিল্পী কৃষ্ণমণি চুতীয়াৰ বাহন দুৰ্ঘটনাগ্ৰস্ত - Car accident at Samguri
চামগুৰি, 24 এপ্ৰিল :নগাঁও জিলাৰ চামগুৰিত পুৱাই অঘটন । জনপ্ৰিয় সংগীত শিল্পী কৃষ্ণমণি চুতীয়াৰ বাহন দুৰ্ঘটনাত পতিত । নিশা এক সংগীতানুষ্ঠান শেষ কৰি নলবাৰীৰ পৰা এখন ইন'ভা বাহনেৰে শিৱসাগৰ অভিমুখে গৈ আছিল শিল্পীগৰাকী (krishnamoni chutia car accident at Samguri) ।
চামগুৰি তিনিআলিৰ সমীপত ৰাজপথেৰে ভুল দিশেৰে অহা এখন যাত্ৰীবাহী টেম্পুৰ সৈতে মুখামুখি সংঘৰ্ষ হয় ইন'ভা বাহনখনৰ । দুৰ্ঘটনাটোৰ ফলত অনিয়ন্ত্ৰিত হৈ ৰাজপথৰ ডিভাইডাৰৰ ওপৰত পৰে শিল্পীগৰাকী অহা বাহনখন । দুৰ্ঘটনাটোৰ ফলত সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয় টেম্পুখনৰ চালকজন ( Car accident at Samguri ) ।
লগতে পঢ়ক :Sex racket busted: নগাঁৱত ৰাইজে উৎখাত কৰিলে দেহ ব্যৱসায়ী চক্ৰ; তিনিগৰাকী যুৱতী আৰক্ষীৰ জিম্মাত
TAGGED:
Car accident at Samguri