অসম

assam

Krishna Janmashtami:ৰাজ্যজুৰি জন্মাষ্টমী পালন

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 7:33 PM IST

জন্মাষ্টমী পালন

গুৱাহাটী, ৬ ছেপ্টেম্বৰ :আজি শ্ৰী কৃষ্ণৰ জন্মাষ্টমী । দেশৰ বিভিন্ন অংশৰ লগতে ৰাজ্যৰো বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে জন্মাষ্টমী । ৰাজ্যৰ মঠ মন্দিৰ , নামঘৰত উলহ মালহেৰে উদযাপন কৰা হৈছে জন্মাষ্টমী । মহানগৰীৰ নামঘৰ মন্দিৰত উদযাপন কৰা হৈছে জন্মাষ্টমী । উত্তৰ গুৱাহাটীস্থিত হৰে কৃষ্ণ মন্দিৰত তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীকৃষ্ণ জন্মাষ্টমী উদযাপন কৰা হৈছে । আজিৰে পৰা ৮ ছেপ্টেম্বৰলৈ আয়োজন কৰা হৈছে এই জন্মাষ্টমী ।

হৰেকৃষ্ণ মন্দিৰত লাড্ডু গোপালৰ অভিষেক হোৱাৰ লগতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে সন্ধিয়া পাল্কী উৎসৱ অনুষ্ঠিত হ’ব । ৭ ছেপ্টেম্বৰ মহা অভিষেক, সাংস্কৃতিক অনুষ্ঠান, মহাপাল্কী, মহামংগল আৰতি অনুষ্ঠান হৈছে । ইপিনে ইস্কন গুৱাহাটীয়ে শুকুৰবাৰে দিনজোৰা কাৰ্যসূচী আয়োজন কৰিছে যদিও আজিও মন্দিৰলৈ যথেষ্ঠ ভক্তৰ সমাগম হৈছে । নিত্য নৈমিত্তিক পূজা হোৱাৰ লগতে অভ্যৰ্থনাৰ ব্যৱস্থা কৰা হৈছে । কাইলৈ মহা আৰতি, দৰ্শন আৰতি, শ্ৰীকৃষ্ণৰ অভিষেক, সান্ধ্য আৰতি, মহা অভিষেক হ’ব ৷ নিশা মহা আৰতিৰে জন্মাষ্টমীৰ কাৰ্যসূচী সামৰণি পৰিব । কাইলৈ ৩০-৪০ হাজাৰ ভক্তৰ সমাগম হোৱাৰ আশা প্ৰকাশ কৰিছে মন্দিৰ কৰ্তৃপক্ষই ।

লগতে পঢ়ক :Janmashtami 2023: জন্মাষ্টমী পূজাৰ মহা উপায়; যাৰ দ্বাৰা কৃষ্ণই হৰিব আপোনাৰ দুখ-কষ্ট, পাব আকাংক্ষিত বৰদান

ABOUT THE AUTHOR

...view details