অসম

assam

কিক্ বক্সিং প্ৰতিযোগিতাত অসমৰ জয়

ETV Bharat / videos

Kickboxing Championships in Kolkata: ৰঙিয়া বৈদ্যগড় কিক্ বক্সিং ক্লাৱৰ খেলুৱৈৰ পদক অৰ্জন - কিক্ বক্সিং প্ৰতিযোগিতাত বিজয়ী খিতাপ অৰ্জন

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 7:58 AM IST

ৰঙিয়া, 25 আগষ্ট : অসমবাসীৰ বাবে এক সু-খবৰ ৷ 18 আগষ্টৰ পৰা কলকাতাৰ খুদিৰাম অনুশীলন কেন্দ্ৰত তিনিদিনিয়াকৈ কিক্ বক্সিং এছ’ছিয়েছন অৱ ইণ্ডিয়াৰ দ্বাৰা অনুষ্ঠিত আমন্ত্ৰণমূলক প্ৰতিযোগিতাত বিজয় লাভ কৰিছে ৰঙিয়া বৈদ্যগড় কিক্ বক্সিং ক্লাৱে ৷ এই প্ৰতিযোগিতাখনত 33 খন ৰাজ্যৰ পাঁচ শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল ।

সদৌ অসম ভিত্তিত ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত বিজয়ী হোৱাৰ পিচতে কলকাতাত অনুষ্ঠিত সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতাখনত ক্লাৱটোৰ সাতগৰাকী খেলুৱৈয়ে পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে । প্ৰশিক্ষক বিল্লাল আলীৰ তত্বাৱধানত অংশগ্ৰহণ কৰা ক্লাৱটোৰ উদিত কলিতাই সোণৰ পদক লাভ কৰে ৷

লগতে নন্দিতা হাজৰিকা, নিশা কলিতা, দিক্ষিতা কলিতা, আজিজুল হকে ৰূপৰ পদক আৰু সোমায়া য়াচমিন, চেহনাজ পাৰবিনে ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় । কলকাতাত বিজয় লাভৰ পিচত বুধবাৰে নিশা দলটো ৰঙিয়া ষ্টেচনত উপস্থিত হয় ।

তাৰ পাচতে এই দলটোক বৈদ্যগড় কিক্ বক্সিং ক্লাৱৰ সদস্যসকলে উষ্ম আদৰণি জনায় আৰু বিজয়ী প্ৰতিযোগীসকলক একোখনকৈ গামোচাৰে সম্ভাষণ জনাই তেওঁলোকৰ উজ্বল ভৱিষ্যত কামনা কৰে ৷

লগতে পঢ়ক :FIDE World Cup final : ফিডে দবা বিশ্বকাপত ভাৰতৰ ১৮ বছৰীয়া গ্ৰেণ্ডমাষ্টাৰ প্ৰজ্ঞানন্দৰ সন্মুখত সুন্দৰ সুযোগ

ABOUT THE AUTHOR

...view details