Santosh Trophy matches 2023 : ৮ অক্টোবৰৰ পৰা কোকৰাঝাৰত ৭৭ সংখ্যক সন্তোষ ট্ৰফীৰ গ্ৰুপ পৰ্যায়ৰ প্ৰতিযোগিতা - কোকৰাঝাৰত হ’ব ৭৭ সংখ্যক সন্তোষ ট্ৰফী
Published : Oct 7, 2023, 12:51 PM IST
কোকৰাঝাৰ, ৭ অক্টোবৰ :কোকৰাঝাৰত দ্বিতীয়বাৰৰ বাবে ৭৭ সংখ্যক সন্তোষ ট্ৰফীৰ গ্ৰুপ D ৰ ফুটবল খেল প্ৰতিযোগিতা অহা ৮ অক্টোবৰৰ পৰা অনুষ্ঠিত হ’ব ৷ ১৭ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া এই ফুটবল প্ৰতিযোগিতাত মুঠ ছয়টা দলে অংশগ্ৰহণ কৰিব ৷ লগতে এই প্ৰতিযোগিতাত মুঠ ১৪ খন লীগ মেচ অনুষ্ঠিত হ’ব ৷
কোকৰাঝাৰৰ কঠালগুৰিস্থিত ছাই ক্ৰীড়া ক্ষেত্ৰৰ সভা কক্ষত শুকুৰবাৰে বিয়লি এক সংবাদমেল সম্বোধন কৰি উদ্যোক্তা কমিটিৰ অধ্যক্ষ তথা কোকৰাঝাৰ পূব বিধানসভা সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰীয়ে সদৰী কৰে এই কথা ৷ তেওঁ উল্লেখ কৰা অনুসৰি, এই প্ৰতিযোগিতাসমূহ ছাই ষ্টেডিয়ামৰ লগতে কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰতো অনুষ্ঠিত হ’ব ৷ এই প্ৰতিযোগিতাত অসম, বিহাৰ, ৰাজস্থান, হিমাচল প্ৰদেশ, চণ্ডীগড় আৰু ৰে’লৱে দলেও অংশগ্ৰহণ কৰিব ৷
উল্লেখ্য যে, ছাই ষ্টেডিয়ামত ক্ৰমে ১০০ টকা আৰু ৫০ টকা তথা কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত ক্ৰমে ৫০ আৰু ৩০ টকা মূল্যৰ টিকটৰ বিনিময়ত ফুটবল প্ৰেমী দৰ্শকে সন্তোষ ট্ৰফীৰ লীগ মেচসমূহ উপভোগ কৰিব পাৰিব ৷
লগতে পঢ়ক :Asian Games 2023 : এছিয়ান গেমছত মহিলা কাবাডী দলৰ স্বৰ্ণ জয়; ১০০ টা পদক অতিক্ৰম ভাৰতৰ