অসম

assam

ETV Bharat / videos

Village Jurisdiction Change Assam: গাঁও কৰ্তনৰ প্ৰতিবাদত কৃষক মুক্তি-ছাত্ৰ মুক্তিৰ স্মাৰক পত্ৰ প্ৰদান

By

Published : Jan 19, 2023, 5:35 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

গাঁও কৰ্তন কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বৰপেটা জিলাত (Village Jurisdiction Change in Barpeta)৷ বৰপেটা জিলাৰ পাঁচখন গাঁও কৰ্তন কৰি অন্য জিলাত সংযোগ কৰা কাৰ্যক মানি ল’ব পৰা নাই জিলাবাসীয়ে ৷ দীৰ্ঘদিন ধৰি নিজকে বৰপেটা জিলাৰ বাসিন্দা হিচাবে গৌৰৱবোধ কৰি অহা লোকসকলে অন্য জিলাৰ অন্তৰ্গত বসবাস কৰাৰ ক্ষেত্ৰত আপত্তি দৰ্শাইছে ৷

বৰপেটা জিলাৰ পৰা পাঁচখন গাঁও কৰ্তন কৰি বঙাইগাঁও জিলালৈ স্থানান্তৰ কৰাক লৈ ক্ষোভিত হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি (Krishak Mukti Sangram Samiti)৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটা জিলা শাখাই ঘোৰ বিৰোধিতা কৰিছে চৰকাৰৰ এই সিন্ধান্ত ৷ বৃহস্পতিবাৰে কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ত উপস্থিত হ’ল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে সংগঠনটোৰ ভাতৃ সংগঠনৰ প্ৰতিনিধি ৷

বৃহস্পতিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বৰপেটা জিলাৰ পৰা গাঁওকেইখন কৰ্তন কৰা সিদ্ধান্তৰ বিৰোধিতা কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷

উল্লেখযোগ্য কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত তথা বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ মানিকপুৰ, ইছবপুৰ, বৰটাৰী, কান্দুলিয়া আৰু ক্ষুদ্ৰখোৱা গাঁও চৰকাৰে কৰ্তন কৰি বঙাইগাঁৱত সংযোগ কৰে ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়াৰ মন্তব্য অনুসৰি গাঁওকেইখন বেলেগ জিলাৰ অন্তৰ্ভক্ত কৰিলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব গাঁওখনৰ বাসিন্দাসকল (Administrative changes in Barpeta District)৷

বিভিন্ন কাৰ্যলয়লৈ যোৱাৰ ক্ষেত্ৰত দূৰত্ব বৃদ্ধি পাব বুলি উল্লেখ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে ৷ গাঁও স্থানান্তৰণৰ বিৰোধিতা কৰি গাওঁকেইখন পূৰ্বৰ দৰেই বৰপেটা জিলাৰ অন্তৰ্গত কৰি ৰখাৰ দাবী জনায় কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ(Satra Mukti Sangram Samiti) বৰপেটা জিলা শাখাই ৷  

আনহাতে সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত আপত্তি নাই যদিও গাঁও কৰ্তনৰ ক্ষেত্ৰত অসম চৰকাৰ সিদ্ধান্তক হঠকাৰী বুলি আখ্যা দিয়ে সংগঠন দুটাই ৷ তেওঁলোকে কয় যে, যদি গাঁও কৰ্তন বন্ধ নকৰে তেন্তে অনাগত দিনত ভয়ংকৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে কলগাছিয়া জিলাৰ ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা কৰ্মীসকলে ৷

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

...view details