KMSS Protest in Sivasagar: শিৱসাগৰত অবৈধ খননৰ বিৰুদ্ধে কৃষক মুক্তিৰ প্ৰতিবাদ - Satra Mukti Sangram Samiti protest
শিৱসাগৰত অবৈধ খননৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ (KMSS protest in Sivasagar) । শিৱসাগৰত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী (Satra Mukti Sangram Samiti protest) । শিৱসাগৰ জিলা বন প্ৰাধিকাৰীৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগ্ৰাম সমিতিয়ে (KMSS gheraoed Sivasagar Forest Office) । শিৱসাগৰৰ বিভিন্ন ঠাইত অবৈধভাৱে চলি থকা মাটি আৰু বালি খননৰ বিৰুদ্ধে এই প্ৰতিবাদ । শিৱসাগৰ জিলাৰ বন প্ৰাধিকাৰীৰ চত্ৰছায়াত এনে অবৈধ খনন চলি থকাৰ অভিযোগ । এনে অবৈধ খননৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিলেও বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰে বুলি প্ৰতিবাদকাৰীয়ে অভিযোগ আনে । এনে খননৰ ফলত ঐতিহাসিক পহুগড়ৰ লগতে জেৰেঙা পথাৰ ধ্বংস হোৱাৰ লগতে দিচাং নদীৰ মথাউৰিৰ প্ৰতি ভাবুকি আহিছে । তৎকালীনভাৱে এনে অবৈধ খনন বন্ধ কৰাৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ ।
Last Updated : Feb 3, 2023, 8:31 PM IST