অসম

assam

ক’লা দিৱস ৰূপায়ণ

ETV Bharat / videos

Black Day observed: সংযুক্ত কিষাণ মৰ্চা আৰু ট্ৰেড ইউনিয়নসমূহৰ আহ্বান মৰ্মে ক’লা দিৱস ৰূপায়ণ - অজয় মিশ্ৰ টেনী

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 10:43 PM IST

নগাঁও, 3 অক্টোবৰ:নগাঁও ক্লক টাৱাৰৰ সম্মুখত মঙলবাৰে দিনৰ প্ৰায় ১১ মান বজাত সংযুক্ত কিষাণ মৰ্চা আৰু ট্ৰেড ইউনিয়নসমূহৰ আহ্বান মৰ্মে প্ৰতিবাদী কাৰ্যসূচীৰে ক’লা দিৱস ৰূপায়ণ কৰা হয় । সমগ্ৰ দেশতে যৌথভাৱে এই ক’লা দিৱস পালন কৰা হৈছে ৷

উল্লেখ্য যে, ২০২১ চনৰ ৩ অক্টোবৰত দিল্লীত কৃষক আন্দোলন গঢ় লোৱাৰ সময়ত উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰ টেনীৰ পুত্ৰই গাড়ীৰে মহতিয়াই চাৰিগৰাকী কৃষকৰ লগতে এগৰাকী সাংবাদিকক হত্যা কৰিছিল । এই ঘটনাৰ আজিলৈকে বিচাৰ নহ’ল ৷ তাৰেই প্ৰতিবাদস্বৰূপে অজয় মিশ্ৰ টেনীক মন্ত্ৰীত্বৰ পৰা অপসাৰণ কৰি হত্যাকাৰী মন্ত্ৰী পুত্ৰক কঠোৰতম শাস্তিৰ দাবী জনাই আজি প্ৰতিবাদী কাৰ্যসূচীৰে ক’লা দিৱস ৰূপায়ণ কৰা হয় । ইয়াৰ সমান্তৰালকৈ 2021 চনত কৃষক নেতৃত্বৰ লগত হোৱা চুক্তি কাৰ্যকৰী কৰাৰো দাবী তোলে তেওঁলোকে ৷

লগতে পঢ়ক :Operation against child marriage: নগাঁৱত আৰম্ভ বাল্য বিবাহ বিৰোধী অভিযান 

ABOUT THE AUTHOR

...view details