অসম

assam

কীৰ্ত্তনপাৰা ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়

By

Published : Feb 12, 2023, 1:03 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

ETV Bharat / videos

Demand for recruitment of doctor: ফাৰ্মাচিষ্টে চলাইছে কীৰ্তনপাৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ

মাণিকপুৰ, ১২ ফেব্ৰুৱাৰী:ৰাজ্য় চৰকাৰে ৰাজ্য়খনত চিকিৎসা মহাবিদ্যালয়, চিকিৎসালয় নিৰ্মাণ কৰি স্বাস্থ্যখণ্ডৰ উন্নতি কৰা বুলি দাবী কৰাৰ সময়তেই বঙাইগাঁও জিলাত চিকিৎসকৰ অভাৱত ফাৰ্মাচিষ্টে চিকিৎসা প্ৰদান কৰিবলগীয়া হৈছে। এই ঘটনাই ৰাজ্যৰ চিকিৎসা খণ্ডৰ ফোপোলা স্বৰূপটো উদঙাই দিছে । এতিয়াও ৰাজ্য়ৰ আন জিলাৰ লগতে বঙাইগাঁৱৰ বহুতো স্বাস্থ্য কেন্দ্ৰত এফালে যদি চিকিৎসক তথা চিকিৎসা সেৱাৰ অভাৱ হৈছে, আনফালে আকৌ চিকিৎসক তথা স্বাস্থ্যকৰ্মী সকলৰ বাবে নিৰ্মাণ কৰা আবাসিক গৃহ ব্যৱহাৰৰ অভাৱত হাবি-জংঘলে আৱৰি ধৰিছে (Shortage of medical facilities in Bongaigaon) ৷ উপায়ন্তৰ হৈ বিভিন্ন ঠাইত ক্ষুব্ধ স্থানীয় ৰাইজে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে যদিও কোনো সুফল লাভ কৰা নাই ।  

বঙাইগাঁও জিলাৰ কীৰ্ত্তনপাৰা ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত নাই কোনো চিকিৎসক । ফলত ফাৰ্মাচিষ্টে চলাইছে চিকিৎসালয়খন (No doctors at hospital of Bongaigaon)। এপষেক ধৰি কোনো চিকিৎসক নথকাত  ৰোগীৰ মাজত হাহাকাৰ লাগিছে । চিকিৎসালয়লৈ আহি চিকিৎসকৰ বাবে বোন্দাপৰ দি নিতৌ শ শ ৰোগী উভতি যাবলগীয়া হৈছে । জিলাখনৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ কীৰ্তনপাৰাত আছে এইখন চিকিৎসালয় । ইয়াত আছে অত্য়াধুনিক সা-সৰঞ্জাম, ঘৰ দুৱাৰ, নাৰ্ছ, ফাৰ্মাচিষ্ট, ঔষধ । ইয়াত নাই মাথো চিকিৎসক ।

২০ সহস্ৰাধিক লোকৰ চিকিৎসাৰ একমাত্ৰ ভৰসা কীৰ্তনপাৰা ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত নাই এজনো চিকিৎসক । যাৰ বাবে নিতৌ চিকিৎসালয়ত চিকিৎসাৰ বাবে অহা শ শ ৰোগীৰ মাজত লাগিছে হাহাকাৰ (Poor health service at Kirtanpara Primary Hospital)। বিভিন্ন ৰোগত আক্ৰান্ত হৈ শিশু, বৃদ্ধ, মহিলা, প্ৰসূতিসকল এইখন চিকিৎসালয়লৈ আহি ঘূৰি যাবলগীয়া হোৱাত যমৰ যাতনা ভুগিবলগীয়া হৈছে অঞ্চলবাসীয়ে । এজন ফাৰ্মাচিষ্ট আৰু নাৰ্ছৰ ওপৰত নিৰ্ভৰ কৰিছে অঞ্চলবাসীৰ চিকিৎসা ব্যৱস্থা । কীৰ্তনপাৰাৰ এই চিকিৎসালয়ে উদঙাই দিছে ৰাজ্যৰ চিকিৎসা ব্যৱস্থাৰ প্ৰকৃত স্বৰূপ । দুখীয়া লোকৰ স্বাস্থ্যৰ প্ৰতি কিমান দায়িত্বশীল চৰকাৰ, প্ৰশাসন তথা জনপ্ৰতিনিধি তাৰ জলন্ত উদাহৰণ এইখন চিকিৎসালয় । স্থানীয় ৰাইজে এই ক্ষেত্ৰত জিলা উপায়ুক্তক ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক:Exhibition Fair in Kalakshetra : দেশী-বিদেশী সামগ্ৰীৰে কলাক্ষেত্ৰত নাবাৰ্ডৰ কাৰীগৰ মেলা

Last Updated : Feb 14, 2023, 11:34 AM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details