অসম

assam

খিলঞ্জীয়া মহাসভাৰ সভাপতি মতিউৰ ৰহমান

ETV Bharat / videos

Citizenship Base Year: বিদেশী চিনাক্তিকৰণৰ ভিত্তিবৰ্ষ 1971ক অবৈধ আখ্যা খিলঞ্জীয়া মহাসভাৰ - মতিউৰ ৰহমান খিলঞ্জীয়া মহাসভা

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 9:26 PM IST

নগাঁও, 29 অক্টোবৰ: বিদেশী চিনাক্তকৰণৰ ক্ষেত্ৰত নিৰ্ধাৰণ কৰা ১৯৭১ চনৰ ২৪ মাৰ্চ অবৈধ বুলি মন্তব্য কৰিলে খিলঞ্জীয়া মহাসভাৰ নেতা মতিউৰ ৰহমানে । দেওবাৰে নগাঁও প্ৰেছ ক্লাৱৰ সংবাদ মাধ্যমক সম্বোধন কৰি বিদেশী চিনাক্তকৰণ সন্দৰ্ভত কৰিলে কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য । অসমত বিদেশী নাগৰিকৰ চিনাক্তকৰণৰ ভিত্তিবৰ্ষ 1951 চন হ'ব লাগে বুলিও মন্তব্য কৰে মতিউৰ ৰহমানে ।

চুপ্ৰিম ক’ৰ্টত 7 নৱেম্বৰত পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে এই সন্দৰ্ভত শুনানি ল'ব বুলিও মন্তব্য কৰে খিলঞ্জীয়া মহাসভাৰ নেতা মতিউৰ ৰহমানে । ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া সুৰক্ষা চনদ ভাৰততো প্ৰৱৰ্তন কৰাৰ দাবী কৰিলে খিলঞ্জীয়া মহাসভাই । কেইবাটাও জাতীয় সংগঠনে ভিত্তিবৰ্ষ 1971 চন মানি লোৱাটো দুৰ্ভাগ্যজনক বুলিও উল্লেখ কৰে মতিউৰ ৰহমানে । 

ৰাজনৈতিক লাভৰ বাবে তেওঁলোকে ভিত্তিবৰ্ষ ১৯৭১ চন মানি লৈছিল বুলি মন্তব্য কৰি তেওঁ কয় যে বিদেশী চিনাক্তকৰণৰ ক্ষেত্ৰত ভিত্তিবর্ষ ১৯৭১ চন মানি লোৱাটো খিলঞ্জীয়া বিৰোধী আৰু অবৈধ । ইয়াৰোপৰি পূৰ্বৰ আই এম ডি টি আইন বিদেশী ৰক্ষণাবেক্ষণৰ বাবে আছিল বুলিও উল্লেখ কৰি সেই সময়ৰ আছুনেতা সৰ্বানন্দ সোণোৱালে তৰা গোচৰৰ ভিত্তিতহে আই এম ডি টি আইন বাতিল হোৱা বুলিও উল্লেখ কৰে মতিউৰ ৰহমানে ।

লগতে পঢ়ক :Mission Basundhara 2 : মিচন বসুন্ধৰা 2 ত খিলঞ্জীয়া মুছলমানক প্ৰৱঞ্চনা কৰাৰ অভিযোগ

ABOUT THE AUTHOR

...view details