অসম

assam

খেলো ইণ্ডিয়া ৱ'মেন এথলেটিকছ ২০২৩ প্ৰতিযোগিতা

ETV Bharat / videos

Khelo India Womens Athletics Competition:খেলো ইণ্ডিয়া এথলেটিকছত উজলিল কলগাছিয়াৰ ফাৰিদা-ৰুনিয়া - Khelo India Womens Athletics 2023 Competition

By

Published : Mar 11, 2023, 12:32 PM IST

জনীয়া, ১১ মাৰ্চ:বৰপেটা জিলাৰ কলগাছিয়ালৈ গৌৰৱ কঢ়িয়াই আনিলে ফাৰিদা খাতুন আৰু ৰুনিয়া পাৰবীনে । অসম এথলেটিক এছ'ছিয়েচনৰ উদ্য়োগত আয়োজিত খেলো ইণ্ডিয়া ৱ'মেন এথলেটিকছ ২০২৩ প্ৰতিযোগিতাত ৩০০০ মিটাৰ আৰু ২০০ মিটাৰ দৌৰত ফাৰিদা খাতুন আৰু ৰুনিয়া পাৰবীনে পদক দখল কৰিবলৈ সক্ষম হয় (Khelo India Womens Athletics 2023 Competition)। জিলাখনৰ ড৹ এ পি জে আব্দুল কালাম ডিফেন্স একাডেমী কলগাছিয়াৰ ছাত্ৰী ফাৰিদা খাতুন আৰু ৰুনিয়া পাৰবীনে পদক লাভ কৰি অঞ্চলটোলৈ কঢ়িয়াই আনিছে এই গৌৰৱ (Dr APJ Abdul Kalam Defence Academy Kalgasia)।

উল্লেখ্য় যে,শুক্ৰবাৰে গুৱাহটীত অসম ভিত্তিত এই প্ৰতিযোগিতাত ৩০০০ মিটাৰ দৌৰত ফৰিদা খাতুনে তৃতীয় স্থান আৰু ২০০ মিটাৰ দৌৰত ৰুনিয়া পাৰবীনে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় (Kalgasia girl beged Medal in Khelo India Womens Athletics) । ক'চিং চেন্টাৰৰ প্ৰশিক্ষক ৰুবুল হুছেইনৰ প্ৰচেষ্টাত ইতিমধ্যে কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন স্তৰৰ খেলত পুৰস্কাৰ লাভ কৰি লৈ সক্ষম হৈছে । আনহাতে, অগ্নিবীৰত সাতজনকৈ যুৱকে চাকৰি লাভ কৰিছে । জাতীয় পৰ্যায়তো এই ক'চিং চেন্টাৰৰ পৰা সাফল্য কঢ়িয়াই আনিব বুলি ৰুবুল হুছেইনে আশা প্ৰকাশ কৰিছে ।  

লগতে পঢ়ক:Suman Maran selected Dance Bangla Dance : ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিল কাকপথাৰৰ সুমন মৰাণ

ABOUT THE AUTHOR

...view details