Karbi Folk Song Workshop in Karbi Anglong: ৰঙাগৰা উচ্চ মাধ্যমিক বিদ্যালয়ত কাৰ্বি লোকগীতৰ কৰ্মমশালা - কাৰ্বি আংলং
কাৰ্বি আংলং, 29 জুলাই: কলিয়াবৰৰ সীমান্তৱৰ্তী চুচেনধেণ্টা কাৰ্বি আংলং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰঙাগৰা উচ্চ মাধ্যমিক বিদ্যালয়ত আয়োজিত দুদিনীয়া কাৰ্বি লোকগীত কৰ্মশালাৰ শুক্ৰবাৰে সমৰণি পৰে ৷ ৰাজ্য চৰকাৰৰ উদ্যোগত ৰাজ্যৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ গ্ৰীষ্মকালীন কৰ্মশালা চলি থকাৰ সময়তে কাৰ্বি পাহাৰৰ এখন বিদ্যালয়ে নিজববীয়া চিন্তাৰে কাৰ্বি লোকগীতৰ এক কৰ্মশালা আয়োজন কৰে। নতুন প্ৰজন্মৰ মাজত কাৰ্বি লোকগীত জনপ্ৰিয় কৰি তোলাৰ প্ৰচেষ্টাৰে ৰঙাগৰা উচ্চ মাধ্যমিক বিদ্যালয়ত এই কৰ্মশালা আয়োজন কৰে ৷
এই কৰ্মশালাত অভিজ্ঞ সমল ব্যক্তিৰ দ্বাৰা কাৰ্বি সমাজত প্ৰচলিত লোকগীতসমূহ ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ দিয়ে ৷ কাৰ্বি নিচুকনি গীত "অ'চ' পাদক লুন", কাৰ্বি লোকগীত "নিমচ' কেৰুং আৰু বৰেইট" গীতৰ শিক্ষা প্ৰদান কাৰ হয় ছাত্ৰ-ছাত্ৰীক। নিচুকনি গীতৰ সমল ব্যক্তি ৰূপে কৰ্মশালাত অংশগ্ৰহণ কৰে অনিতা তেৰাংপীয়ে । আনহাতে, কাৰ্বি লোকগীতৰ সমল ব্যক্তি ৰূপে লংকিৰাম তাৰৌ, চাৰ্প' বে আৰু জোনেল টক্বিয়ে ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ দিয়ে । কৰ্মশালাত ৫০ জন ছাত্ৰ-ছাত্ৰীয়ে অংশ লয়।
লগতে পঢ়ক:Tense Situation in Khatkhati: গ্ৰাহকৰ ধন আত্মসাতক লৈ খটখটিত উত্তপ্ত পৰিস্থিতি