Assam electoral roll 2023: ডিফু-হাওৰাঘাটৰ চূড়ান্ত ফটোযুক্ত ভোটাৰ তালিকা প্ৰকাশ - চূড়ান্ত ফটোযুক্ত ভোটাৰ তালিকা ২০২৩ প্ৰকাশ
ডিফু, ২৭ জানুৱাৰী: সমগ্ৰ ৰাজ্যৰ লগত সংগতি ৰাখি আজি অৰ্থাৎ শুকুৰবাৰে কাৰ্বি আংলং জিলাৰ অন্তৰ্গত ডিফু আৰু হাওৰাঘাট সমষ্টিৰ চূড়ান্ত ফটোযুক্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হয়(Assam electoral roll 2023) ৷ ডিফুস্থিত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মিলন কক্ষত জিলা নিৰ্বাচনী বিষয়া তথা উপায়ুক্ত মধুমিতা ভাগৱতী আৰু নিৰ্বাচনী বিষয়া কাব্যশ্ৰী দিহিঙীয়াই আনুষ্ঠানিকভাৱে একাংশ ৰাজনৈতিত দলৰ প্ৰতিনিধি আৰু সাংবাদিকৰ উপস্থিতিত প্ৰকাশ কৰে ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা ২০২৩ ৷
সংবাদমেলত জিলা নিৰ্বাচনী বিষয়া মধুমিতা ভাগৱতীয়ে সদৰী কৰা অনুসৰি চূড়ান্ত ভোটাৰ তালিকাখনত ডিফু নিৰ্বাচনী জিলাত মুঠ ২০৯৬৮৩ গৰাকী ভোটাৰ আৰু হাওৰাঘাট নিৰ্বাচনী জিলাত মুঠ ১৩৬২২৭ গৰাকী ভোটাৰৰ নাম প্ৰকাশ পাইছে ৷ হাওৰাঘাট নিৰ্বাচনী জিলাত মুঠ পুৰুষ ভোটাৰ হৈছে ৬৭ হাজাৰ ৩৮৫ গৰাকী আৰু মহিলা ভোটাৰ হৈছে ৬৮৮৪২ গৰাকী ৷ ইফালে ডিফু নিৰ্বাচনী জিলাত পুৰুষ ভোটাৰ হৈছে ১০৪৫৯৯ গৰাকী আৰু মহিলা ভোটাৰ হৈছে ১০৫০৮৪ গৰাকী(Karbi Anglong District Final voter list released) ৷
ডিফু নিৰ্বাচনী জিলাত পুৰুষ আৰু মহিলাৰ ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে ১২৪২ গৰাকীলৈ আৰু হাওৰাঘাট নিৰ্বাচনী জিলাত পুৰুষ আৰু মহিলাৰ ভোটাৰ বৃদ্ধিৰ সংখ্যা ১৬৭৭ গৰাকী ৷ ৯ জানুৱাৰী ২০২২ বৰ্ষত ডিফু নিৰ্বাচনী জিলাত ২০৮৪৪১ গৰাকী ভোটাৰ আছিল ৷ সংক্ষিপ্ত সংশোধনীৰ জৰিয়তে ১৭৬০ গৰাকী ভোটাৰৰ নাম নতুনকৈ অন্তভূক্ত কৰা হৈছে ৷ নাম কৰ্তন হৈছে ৫১৮ গৰাকী ৷
আনহাতে হাওৰাঘাট নিৰ্বাচনী জিলাত মুঠ ভোটাৰ আছিল ১৩৫৭৯২ গৰাকী ৷ সংক্ষিপ্ত সংশোধনীৰ জৰিয়তে অতিৰিক্তভাৱে ১০৩৫ গৰাকী সংযোগ কৰা হৈছে আৰু কৰ্তন কৰা হৈছে ৬০০ গৰাকী ৷ উপায়ুক্তগৰাকীয়ে সদৰী কৰা অনুসৰি নিৰ্বাচনী আয়োগে দিয়া সুবিধা অনুসৰি বছৰত তিনিমাহৰ মূৰে মূৰে নতুন ভোটাৰসকলে নতুন নাম অন্তৰ্ভূক্ত কৰিব পাৰিব ৷ তেওঁ দুয়োখন নিৰ্বাচনী জিলাতে পুৰুষতকৈ মহিলা ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে বুলি জানিবলৈ দিয়ে ৷
লগতে পঢ়ক:Assam electoral roll 2023: অসমৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ ; মুঠ ভোটাৰৰ সংখ্যা 24111743গৰাকী