100 Crores Scam: তুলিৰাম ৰংহাঙৰ এশ কোটিৰ কেলেংকাৰীৰ চিবিআই তদন্তৰ দাবীত ডিফুত কংগ্ৰেছৰ ধৰ্ণা - এশ কোটিৰ কেলেংকাৰীৰ চিবিআই তদন্ত
Published : Sep 26, 2023, 6:13 PM IST
ডিফু, ২৬ ছেপ্টেম্বৰ: বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে এশ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰাৰ পিচতে এইবাৰ পাহাৰীয়া জিলাখনত বিৰোধী দলটোৱে ৰংহাঙৰ কেলেংকাৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰা পৰিলক্ষিত হৈছে । পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে উত্থাপিত হোৱা এশ কোটি টকাৰ কেলেংকাৰীৰ বিৰুদ্ধে চিবিআই তদন্তৰ দাবীত কাৰ্বি আংলং জিলা কংগ্ৰেছে মঙলবাৰে ডিফুত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।
কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি চুম ৰংহাঙৰ নেতৃত্বত দলটোৰ ভালেসংখ্যক নেতা-কৰ্মীয়ে হাতে হাতে প্লে-কাৰ্ড লৈ মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰে । প্ৰতিবাদকাৰীসকলে বিভিন্ন চৰকাৰ বিৰোধী শ্লʼগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।
প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি জিলা কংগ্ৰেছৰ সভাপতি চুম ৰংহাঙে জিলাখনত উন্নয়নৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ কৰে । একেটা কামকে বাৰে বাৰে কৰি দুৰ্নীতি সংঘটিত কৰাৰ লগতে আঁচনিসমূহত অত্যাধিক ব্যয় দেখুওৱা বুলি অভিযোগ কৰে । প্ৰতিবাদী কাৰ্যসূচীত ৰতন ইংতি, অশোক টেৰণ, প্ৰদীপ ছিংনাৰকে ধৰি জিলা কংগ্ৰেছৰ ভালেসংখ্যক নেতা-কৰ্মী উপস্থিত থাকে ।
লগতে পঢ়ক: