অসম

assam

কৰম পূজাৰ আনন্দ

ETV Bharat / videos

Karam Puja celebration:মাদল বজাই ঝুমৰ নৃত্য বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ - চাহ জনগোষ্ঠীয়

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 10:51 PM IST

যোৰহাট, 25 ছেপ্টেম্বৰ :মৰিয়নীৰ বাগিচাই বাগিচাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব জিন্দাবাদ ধ্বনি, মাদল বজাই ঝুমৰ নৃত্য বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাহ শ্ৰমিকৰ কৰম পূজাৰ দিনা বেতনসহ বন্ধ ঘোষণা কৰাৰ পিচতে সোমবাৰৰ নিশা মৰিয়নীৰ চাহ বাগিচাত ঝুমুৰ নাচি মতলীয়া হৈ পৰে বিধায়ক ৰূপজ্যোতি কুৰ্মী ।

মৰিয়নীৰ কাটনিবাৰী চাহ বাগিচাত নিশা চাহ শ্ৰমিকক মিঠাই বিলাই মাদলৰ চেৱে চেৱে ঝুমৰ নাচি চাহ শ্ৰমিকক কৰম পৰৱৰ দিনা মজুৰিসহ বন্ধ ঘোষণা কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনালে ৰূপজ্যোতি কুৰ্মীয়ে । ৰূপজ্যোতি কুৰ্মীৰ সৈতে একেলগে ঝুমুৰ নাচি আনন্দত মগন হৈ পৰে কাটনিবাৰী বাগিচাৰ শ্ৰমিকসকল । কান্ধত মাদল লৈ এনেদৰে শ্ৰমিকসকলক সংগ দিয়ে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ।

মন কৰিবলগীয়া ৭৫ বছৰ ধৰি চাহ জনগোষ্ঠীয় ৰাইজে কৰম পৰৱৰ দিনা বন্ধ ঘোষণাৰ দাবী জনাই আহিছিল । উল্লেখ্য যে, ৰাজ্যজুৰি চাহ জনগোষ্ঠীয় সমাজে ব্যাপক উৎসাহ উদ্দীপনা মাজেৰে দুগুণ উৎসাহে কৰম পূজা পালন কৰা দেখিবলৈ পোৱা গৈছে । বিভিন্ন স্থানত দুদিনীয়া আৰু তিনিদিনীয়াকৈ কৰম পূজা পালন কৰা হ’ব ।

লগতে পঢ়ক :Karam Puja celebration:কলাক্ষেত্ৰত চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কৰম উৎসৱ

ABOUT THE AUTHOR

...view details