অসম

assam

:মৰিয়নিৰ চেনিজান চাহ বাগিচা

ETV Bharat / videos

Karam Puja in Assam:মৰিয়নিৰ চেনিজান চাহ বাগিচাত কৰম পূজাৰ আনন্দত মতলীয়া ৰাইজ

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 4:06 PM IST

যোৰহাট, ২৫ ছেপ্টেম্বৰঃ আজি বৃহত্তৰ চাহ জনগোষ্ঠীয় সমাজৰ পবিত্ৰ কৰম পূজা । সেয়েহে চাহ জনগোষ্ঠীয় লোকসকলৰ মাজত সীমাহীন উৎসাহ দেখিবলৈ পোৱা গৈছে । চাহ জনগোষ্ঠী ৰাইজৰ পবিত্ৰ উৎসৱ হৈছে কৰম পৰব । এই কৰম পূজা মূলতঃ অসমৰ চাহ জনগোষ্ঠীসকলৰ এক অবিচ্ছেদ্য অংগ । এই উৎসৱ মূলতঃ কৃষিভিত্তিক পৰ্ব বুলি কোৱা হয় । এই পূজাক লৈ সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট জিলাৰ মৰিয়নিৰ চেনিজান চাহ বাগিচাতো ৰাইজৰ মাজত পাৰভঙা আনন্দৰ জোৱাৰ বৈছে ।

ঝুমুৰৰ তালে তালে নাচি বাগি সকলোলোকে দেওবাৰে নিশাৰ পৰা কৰম পূজা তথা কৰম উৎসৱ পালন কৰিছে । কৰম পূজা বিভিন্ন ঠাইত দুদিনীয়া,তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা দেখা যায় । উল্লেখ্য যে কৰম পূজাৰ বন্ধক লৈ চৰকাৰে দিয়া নীতি নিদেৰ্শনা প্ৰত্যাহাৰ কৰাৰ লগতে চাহ জনগোষ্ঠীয় বিভিন্ন দাবী মানি লোৱাৰ পিছত দুগুণ উৎসাহেৰে চাহ জনগোষ্ঠীয় সমাজে পালন কৰিছে কৰম পূজা ।

লগতে পঢ়ক:Srimanta Sankardeva 575th birth anniversary: শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উদযাপন

ABOUT THE AUTHOR

...view details