Karam Festival 2023: সৰুপথাৰত কৰম উৎসৱ উদযাপন - Karam Festival festival of tea tribe
Published : Sep 30, 2023, 5:30 PM IST
সৰুপথাৰ,৩০ ছেপ্টেম্বৰ: সৰুপথাৰত দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) সৰুপথাৰ শাখাৰ ষষ্ঠ দ্বি-বাৰ্ষিক অধিৱেশন আৰু কৰম উৎসৱ । ২৯ আৰু ৩০ ছেপ্টেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সৰুপথাৰৰ নলনী খেলপথাৰত অনুষ্ঠিত কৰা হয় ষষ্ঠ দ্বি-বাৰ্ষিক অধিৱেশন । চাহ জনজাতিৰ জাতীয় উৎসৱ কৰম উৎসৱৰ লগত সংগতি ৰাখি প্ৰত্যেকেই জাতীয় সাজ পৰিধান কৰি ওলাই অহা পৰিলক্ষিত হয় ।
অধিৱেশনত চাহ জনজাতি অসমৰ কেইবাজনো নেতা উপস্থিত থাকে বুলি জনায় । শনিবাৰে সৰুপথাৰ নগৰত তেওঁলোকৰ বিশাল সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে ধনশিৰি মহকুমাৰ অন্যান্য জাতি-জনগোষ্ঠীয়ে এই শোভাযাত্ৰাত সহযোগিতা আগবঢ়াই । এক সমন্বয়ৰ তথা একতাৰ যি বান্ধোন সেইয়া সাংস্কৃতিক শোভাযাত্ৰাৰ যোগেদি প্ৰকাশ পাইছে বুলি উল্লেখ কৰে উদ্য়োক্তাসকলে ।
লগতে পঢ়ক:Protest against Electricity Sub Division : বিদ্যুৎ উপসংমণ্ডলৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ