Islam Ali accused of rape:ধৰ্ষণৰ অভিযোগেৰে অভিযুক্ত ইছলাম ৰঙাঘৰলৈ
বাইহাটা, 11 আগষ্ট : কমলপুৰ আৰক্ষীৰ জালত ধৰ্ষণৰ অভিযোগেৰে অভিযুক্ত ইছলাম আলী । কমলপুৰ থানাৰ অন্তৰ্গত বামুনগাঁৱৰ ৬০ বছৰীয়া ইছলাম আলীয়ে ধৰ্ষণ কৰাৰ অভিযোগ ১৫ বছৰীয়া কিশোৰীক ।
১৫ বছৰীয়া কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে কাম কাজ কৰিবলৈ বাহিৰলৈ ওলাই যোৱাৰ সুযোগ লৈ কিশোৰী গৰাকীক বিভিন্ন ধৰণৰ প্ৰাণে মৰা ভাবুকি দি দীৰ্ঘদিন ধৰি চলাই আহিছিল বলপূৰ্বকভাৱে ধৰ্ষণ, এই ভাষ্য কিশোৰীগৰাকীৰ পৰিয়ালৰ ।
সমগ্ৰ ঘটনা কিশোৰীগৰাকীয়ে পৰিয়ালৰ আগত অৱগত কৰে । ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে কমলপুৰ থানাত এজাহাৰ দাখিল কৰে । এজাহাৰৰ ভিত্তিত অৱশেষত ধৰ্ষণকাৰী ইছলাম আলীক কমলপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷
লগতে পঢ়ক :Rangia Suicide case: গছত চিপ লোৱা অৱস্থাত উদ্ধাৰ দুই ভগ্নীৰ মৃতদেহ