13 electric fans in 13 Anganwadi Centres: অৱসৰৰ পূৰ্বে এগৰাকী চৰকাৰী বিষয়াই অংগনৱাড়ী কেন্দ্ৰক দান দিলে ১৩ খন পাংখা - অংগনৱাড়ী কেন্দ্ৰ
কলিয়াবৰ, ২৭ জানুৱাৰী:দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস (Republic Day in Assam) উদযাপনত সকলো ব্যস্ত হৈ থকাৰ সময়তে কলিয়াবৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়া প্ৰণীতা লিগিৰাৰ প্ৰশংসনীয় পদক্ষেপ ৷ কলিয়াবৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়া প্ৰণীতা লিগিৰাই গণৰাজ্য দিৱসৰ দিনা ১৩ টা অংগনৱাড়ী কেন্দ্ৰলৈ আগবঢ়াই ১৩ খনকৈ বৈদ্যুতিক পাংখা(13 electric fans in 13 Anganwadi Centres) ।
প্ৰণীতা লিগিৰাৰ চাকৰি জীৱন শেষ হ’বলৈ মাজত মাত্ৰ তিনিটা দিন থকা সময়তে তেওঁ গ্ৰহণ কৰে এই পদক্ষেপ ৷ তেওঁ কলিয়াবৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ ১৩ টা অংগনৱাড়ী কেন্দ্ৰলৈ বিনামূলীয়াকৈ আগবঢ়াই ১৩ খনকৈ বৈদ্যুতিক পাংখা(Anganwadi Centre in Kaliabor) । অংগনৱাড়ী কেন্দ্ৰকেইটাৰ শিশুসকলৰ সুবিধা হোৱাৰ বাবে তেওঁ এই পদক্ষেপ গ্ৰহণ কৰে ৷ অহা ৩১ জানুৱাৰীত কৰ্মজীৱনৰ পৰা অৱসৰ ল’ব প্ৰণীতা লিগিৰাই ৷
দীঘলীয়া কৰ্মজীৱনৰ সময়চোৱা নিজৰ চিন্তাতে পাৰ কৰা চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিপৰীতে এইগৰাকী বিষয়া যেন কিছু ব্যতিক্ৰম । এচাম চৰকাৰী বিষয়া-কৰ্মচাৰীৰ সাধাৰণ ৰাইজৰ প্ৰতি অসহযোগী মনোভাৱৰ বিপৰীতে এইহৃগৰাকী বিষয়াৰ এই প্ৰশংসনীয় কাৰ্যই দৃষ্টি আকৰ্ষণ কৰিছে কলিয়াবৰৰ সচেতন ৰাইজৰ ।
লগতে পঢ়ক:Distributes winter aid: মাজুলীৰ ২৫৩ গৰাকী শিক্ষাৰ্থীক শীতকালীন সাহাৰ্য বিতৰণ