অসম

assam

IPL জুৱাৰী আটক

ETV Bharat / videos

IPL Gamblers detain at Kalgachia : কলগাছিয়াত IPL জুৱাৰ লগত জড়িত থকাৰ সন্দেহত দুজনক আটক - ৰাজ্যত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা

By

Published : May 14, 2023, 4:17 PM IST

জনীয়া, 14 মে’ : ৰাজ্যত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা ৷ বিভিন্ন সময়ত পোহৰলৈ আহিছে ইয়াৰে ন ন তথ্যও ৷ এইবাৰ দেওবাৰে কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বৰভিঠা গাঁৱৰ পৰা আৰক্ষীয়ে IPL জুৱাৰ সৈতে জড়িত থকাৰ সন্দেহত দুজনক আটক কৰিছে ( IPL Gamblers detain at Kalgachia) ৷

জানিব পৰা মতে, ধৃত দুই ব্যক্তিক ইতিমধ্যে কলগাছিয়া আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰিছে । আটকাধীন যুৱকদ্বয় ক্ৰমে বৰভিঠা গাঁৱৰ আবু তালেব আৰু মইনুল হক বুলি জানিব পৰা গৈছে (Kalgachia police detain Two IPL Gamblers)।

তথ্য অনুসৰি, বিগত কিছুদিন ধৰি বৃহত্তৰ কলগাছিয়া এলেকাত ক্ৰমাৎ বৃদ্ধি পাইছে অসামাজিক কাম-কাজ ৷ কিন্তু আৰক্ষীয়েও যেন নাকী লগাবলৈ সক্ষম হোৱা নাই এনে অপৰাধীক ৷ যাক লৈ চিন্তিত হৈ পৰিছে সাধাৰণ জনতা তথা অঞ্চলটোৰ সচেতন মহল ৷

ইফালে কলগাছিয়া আৰক্ষী আটক কৰা দুই অভিযুক্তই সংবাদ মাধ্যমৰ আগত কয় য়ে তেওঁলোকে কোনো IPL জুৱাৰ লগত জড়িত নহয় ৷ নিজৰ ম’বাইল খেল চাই থকা অৱস্থাতে তেওঁলোকক আটক কৰা হৈছে ৷ তেওঁলোকৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগসমূহ ভুৱা ৷ অৱশ্যে আৰক্ষীৰ সম্পূৰ্ণ তদন্তৰ অন্ততহে সকলো তথ্য পোহৰলৈ আহিব ৷

লগতে পঢ়ক :Extra Marital Affair: বিবাহ বহিৰ্ভূত প্ৰেমৰ বাবে ৰাজপথত স্বামী-স্ত্ৰীৰ দুৰ্বাদল কাজিয়া

ABOUT THE AUTHOR

...view details