অসম

assam

বেকী নৈৰ গৰাখহনীয়াৰ লাগে স্থায়ী সমাধান

ETV Bharat / videos

Beki river erosion:বেকী নৈৰ গৰাখহনীয়াৰ লাগে স্থায়ী সমাধান, বিজ্ঞানসন্মত প্ৰতিৰোধৰ দাবী ৰাইজৰ

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 11:04 AM IST

বৰপেটা, 16 অক্টোবৰ :বৰপেটা জিলাৰ নৱগঠিত মন্দিয়া বিধানসভা সমষ্টিৰ চিকনী গাঁও পঞ্চায়তৰ অন্তৰ্গত সাওঁৰাচৰা পথাৰ গাঁৱৰ বেকী নৈৰ পাৰত বিধ্বংসী খহনীয়া প্ৰতিৰোধৰ দাবীত ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । বেকী নৈৰ গহনীয়াৰ ফলত অঞ্চলটোৰ হাজাৰ হাজাৰ বিঘা খেতি পথাৰ নৈৰ বুকুত জাহ যোৱাৰ লগতে বিগত দুমাহৰ ভিতৰত শতাধিক পৰিয়ালৰ ঘৰ ভেটি নৈৰ বুকুত জাহ যোৱাৰ ফলত সৰ্বস্ব হেৰুৱাই চিন্তিত হৈ পৰিছে গাওঁবাসী ।

বিগত সময়ছোৱাত বেকী নৈৰ কোবাল সোঁতে উটুৱাই লৈ যায় ঘৰ-বাৰী ৷ বৰ্তমানে প্ৰায় শতাধিক পৰিয়াল অঘৰী হৈ পৰিছে । সহাস্ৰাধিক বিঘা কৃষি ভূমি নৈৰ বুকুত জাহ যোৱাৰ পিচতো স্থানীয় সাংসদ আব্দুল খালেক আৰু বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে খবৰ লবলৈ আহৰি নোপোৱাত ক্ষোভিত হৈ পৰিছে ৰাইজ । সেয়ে বেকী নৈৰ পাৰত ভুক্তভোগী ৰাইজে "গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰক, সাওঁৰাচৰা গাওঁখন ৰক্ষা কৰক, আমাৰ দাবী মানি লওঁক, বেকী নদীৰ খহনীয়া স্থায়ীভাৱে সমাধান কৰক আদি শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে । ভুক্তভোগী ৰাইজে গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ এখন কমিটী গঠন কৰে আৰু চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ সু-দৃষ্টি কামনা কৰে । শীঘ্ৰে বেকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধ কৰি নৈপৰীয়া ৰাইজৰ জীৱন ৰক্ষা কৰিবলৈ কাতৰ আহ্বান জনাইছে ভুক্তভোগী ৰাইজে ।

লগতে পঢ়ক :Massive Erosion at Kalgachia : বেকী নৈয়ে কলগাছিয়াত লৈছে ভয়ংকৰ ৰূপ

ABOUT THE AUTHOR

...view details