অসম

assam

কলগাছিয়াত পথৰ দাঁতিত বাগৰিল বালি ভৰ্তি ডাম্পাৰ

ETV Bharat / videos

Dumper accident :কলগাছিয়াত পথৰ দাতিত বাগৰিল বালি ভৰ্তি ডাম্পাৰ - পথৰ দাতিত বাগৰিল বালি ভৰ্তি ডাম্পাৰ

By

Published : Jun 12, 2023, 6:18 PM IST

জনীয়া,12 জুন: কলগাছিয়াত পুনৰ ডাম্পাৰ দুৰ্ঘটনা । বিগত 10 দিনত দুটাকৈ সংগঠিত হ’ল ডাম্পাৰ দুৰ্ঘটনা । উল্লেখযোগ্য যে দিনে নিশাই অবৈধ মাটি, বালি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্মত অতিষ্ঠ হৈ পৰিছে ৰাইজ । ডাম্পাৰৰ দৌৰাত্মৰ বাবেই সঘনাই সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা । দেওবাৰে নিশা লোক নিৰ্মাণ বিভাগৰ বালি কঢ়িওৱা AS-15 C-9662 নম্বৰৰ ডাম্পাৰ খন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাতিত বাগৰি পৰে ৷ কলগাছিয়াৰ গুনিয়ালগুৰি পকী দলঙৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা । এই দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে ডাম্পাৰ চালকজনৰ ৷ ইফালে স্থানীয় ৰাইজৰ সহযোগত ডাম্পাৰ চালকজনক উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে বৰপেটা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

লগতে পঢ়ক:Ayushman Bharat Card: মুখ্যমন্ত্ৰীৰ সমষ্টিত আয়ুষ্মান কাৰ্ড বিতৰণৰ শুভাৰম্ভণি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

ABOUT THE AUTHOR

...view details