অসম

assam

ETV Bharat / videos

Protest in Dhemaji: ধেমাজিত সদৌ অসম কৈৱৰ্ত্ত যুৱ ছাত্ৰ সন্মিলনৰ প্ৰতিবাদ - Demand for autonomy to the Kaivarta community

By

Published : Dec 13, 2022, 11:32 AM IST

Updated : Feb 3, 2023, 8:35 PM IST

কৈৱৰ্ত্ত জনগোষ্ঠীক স্বায়ত্তশাসন প্ৰদানৰ দাবীত সোমবাৰে ধেমাজিৰ কাছাৰী ময়দানৰ সন্মুখত সদৌ অসম কৈৱৰ্ত্ত যুৱ ছাত্ৰ সন্মিলনৰ ধেমাজি জিলা সমিতিয়ে দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে(Kaivarta Yuva Satra protest at Dhemaji) ৷ শতাধিক প্ৰতিবাদীয়ে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে কাছাৰী ময়দানৰ সন্মুখভাগ(Demand for autonomy to the Kaivarta community) ৷ প্ৰতিবাদত অংশগ্ৰহণ কৰি জনগোষ্ঠীটোৰ কেইবাগৰাকী নেতাই ক্ষুব্ধ হৈ কয় যে ২০১১ চনৰ পৰাই অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ অনুসূচিত জাতি কৈৱত্ত জনগোষ্ঠীক স্বায়ত্তশাসন প্ৰদানৰ বাবে চৰকাৰক দাবী জনাই আহিছে । কিন্তু আজিকোপতি গুৰুত্ব দিয়া নাই চৰকাৰে ৷ শদিয়াৰ পৰা ধুবুৰীলৈকে বাস কৰি থকা ১৫ লাখ কৈৱৰ্ত্ত জনগোষ্ঠীৰ দহ লাখৰে নাই ভূমিপট্টা ৷ জনগোষ্ঠীৰ উন্নয়ণৰ বাবে অহা পূঁজি চৰকাৰে শিক্ষা শিতানত খৰচ কৰি অহা বুলি মন্তব্য কৰে ৷
Last Updated : Feb 3, 2023, 8:35 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details