অসম

assam

জ্যোতিকেন্দ্ৰ শিক্ষাকৰ্মী সকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবী

ETV Bharat / videos

Jyotikendra Education Workers: ৬ মাহে দৰমহাৰ পৰা বঞ্চিত জ্যোতিকেন্দ্ৰৰ শিক্ষাকৰ্মী - Jyoti kendra education workers press meet

By

Published : Jun 22, 2023, 3:17 PM IST

গুৱাহাটী, ২২ জুন: জ্যোতিকেন্দ্ৰ শিক্ষাকৰ্মী সকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবী উত্থাপন কৰিছে জ্যোতিকেন্দ্ৰ শিক্ষাকৰ্মী সন্থাই । ৰাজ্যৰ ৩৩ খন জিলাৰ ৬০৯ টা কেন্দ্ৰত ৯০৩ গৰাকী শিক্ষাকৰ্মী ২০০৩ চনৰ পৰা কৰ্মৰত । বিজেপিয়ে গাদী দখল কৰিলে জ্যোতিকেন্দ্ৰৰ কৰ্মীসকলক চাকৰি নিয়মীয়া কৰাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিব বুলি নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰিছিল যদিও আজি পৰ্যন্ত কাৰ্যকৰী নহ'ল বুলি মন্তব্য কৰিছে সন্থাৰ সাধাৰণ সম্পাদক ৰেজাউল ইছলামে ।  

বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি তেওঁ কয়," জ্যোতিকেন্দ্ৰৰ কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়া কৰিব লাগে । যিহেতু তেওঁলোকে নিৰ্বাচনী ইস্তাহাৰত এই কথা প্ৰকাশ কৰিছিল । চৰকাৰে আমাক যি মাহিলী পাৰিশ্ৰমিক দি আহিছে সেয়াও নিয়মীয়া নহয় । কেইবাখনো জিলাত ৬ ছয় মাহ পৰ্যন্ত মাননী পোৱা নাই জ্যোতিকেন্দ্ৰৰ শিক্ষাকৰ্মীয়ে । আবাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰত ৬-১৪ বছৰৰ শিক্ষাৰ পৰা বঞ্চিত শিশু সকলক মূলসুঁতিকৰণ কৰিবলৈ সক্ষম হৈছো ।" এইদৰে মন্তব্য় কৰি তেওঁ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে । জ্যোতিকেন্দ্ৰৰ শিক্ষাকৰ্মী সকলৰ চাকৰি নিয়মীয়া কৰিবলৈ তেওঁ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায় ।

লগতে পঢ়ক:Student died in TU : তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details