অসম

assam

উপ পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত

ETV Bharat / videos

Junmoni Rabha death case: নগাঁৱত চি আই ডিৰ আই জি পি দেৱৰাজ উপাধ্যায় - Junmoni Rabha death investigation

By

Published : May 22, 2023, 6:27 AM IST

নগাঁও, ২১ মে':নগাঁৱত চলি আছে আৰক্ষী উপ পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত । দেওবাৰে পঞ্চমদিনাও নগাঁৱত চি আই ডিৰ দলে অব্যাহত ৰাখিছে এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত । আজি চি আই ডি ৰ দলে অব্যাহত ৰখা তদন্ত প্ৰক্ৰিয়াৰ বুজ লবলৈ দেওবাৰে নগাঁৱত উপস্থিত হয় অসম আৰক্ষীৰ অনুসন্ধান শাখাৰ মহা পৰিদৰ্শক দেৱৰাজ উপাধ্যায় (CIDIGP Devraj Upadhyaya)। নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত তদন্ত প্ৰক্ৰিয়াৰ বুজ লোৱাৰ লগতে কেইবাগৰাকী বিষয়াক জেৰা চলোৱা বুলি জানিব পৰা গৈছে (Junmoni Rabha death investigation)।

ইপিনে,আৰক্ষী অধীক্ষক লীনা দলেকো চি আই ডিৰ আই জি পিয়ে জেৰা চলোৱাৰো সম্ভাৱনা আছে । জোনমণি ৰাভাৰ মৃত্যু বিতৰ্কত সাঙোৰ খাই পৰা হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভাক দেওবাৰে পুনৰ তলব কৰিছে চি আই ডিৰ দলে । চি আই ডিৰ আই জি পিয়ে জেৰা চলাব আভাজ্যোতি ৰাভাক (Junmoni Rabha death incident) ।  

ইপিনে, জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ প্ৰত্যক্ষদৰ্শী প্ৰণব দাসৰ ভাষ্যও মিছা প্ৰমাণ হোৱাৰ সম্ভাৱনা আছে । কিয়নো প্ৰণব দাসে চলোৱা বুলি কোৱা মেজিক বাহনখনৰ মালিকে ইতিমধ্যেই প্ৰদান কৰিছে বিপৰীত ভাষ্য । আনহাতে,জোনমণি ৰাভাৰ তদন্ত প্ৰক্ৰিয়া চি বি আইক হস্তান্তৰ কৰাৰ বাবেও অসম আৰক্ষীয়ে প্ৰস্তুতি চলোৱা বুলিও বিশেষ সূত্ৰে জানিব পৰা গৈছে (Junmoni Rabha case latest update)।  

লগতে পঢ়ক:Sec 144 imposed in Ghy: গুৱাহাটীত 144 ধাৰা জাৰি; 5 জনতকৈ অধিক লোক সমবেত হোৱাত নিষেধাজ্ঞা

ABOUT THE AUTHOR

...view details