Junmoni Rabha death news:জোনমণি ৰাভাৰ দুৰ্ঘটনাস্থলীত উপস্থিত প্ৰত্যক্ষদৰ্শী প্ৰণৱ দাস - eye witnessed junmoni rabha death incident
কলিয়াবৰ, 19 মে’ : জোনমণি ৰাভা দুৰ্ঘটনাৰ তথাকথিত প্ৰত্যক্ষদৰ্শী প্ৰণৱ দাসক লৈ আগবাঢ়িছে আৰক্ষীৰ তদন্ত ৷ বৃহস্পতিবাৰে নিশা আৰক্ষীৰ লগত আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ সৈতে হোৱা দুৰ্ঘটনাস্থলীত উপস্থিত হয়গৈ প্ৰণৱ দাস (Mysterious death of SI Junmoni Rabha) ৷ উল্লেখ্য প্ৰণৱ দাসে নিজকে উক্ত ঘটনাৰ প্ৰত্যক্ষদৰ্শী হিচাপে দাবী কৰিছে (SI Junmoni Rabha death news) ৷
নিশা ১২ বাজি ০৭ মিনিটত দুৰ্ঘটনাস্থলী সৰুভগীয়াত জখলবন্ধা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন কলিতাৰ লগত উপস্থিত হয় প্ৰত্যক্ষদৰ্শী প্ৰণৱ দাস । সেই স্থানত আৰক্ষীৰ সন্মুখত প্ৰণৱে সেই অভিশপ্ত নিশাৰ পৰিৱেশ বৰ্ণনা কৰে (Junmoni Rabha death incident) । তাৰ পিচতেই প্ৰণৱ দাসৰ স্বাস্থ্য পৰীক্ষাৰ বাবে আৰক্ষীয়ে কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ যায় ।
লগতে পঢ়ক :Junmoni Rabha Accident Case : ভাইৰেল হোৱা ফোন কল নিজৰ বুলি স্বীকাৰ আৰক্ষীৰ গাড়ীচালকৰ